অসম

assam

ETV Bharat / state

congress protest against price hike : ৰাইজৰ সমস্যাৰাজিক বুজি নাপায় কাৰণে সমাধনত ব্যৰ্থ চৰকাৰ - মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত জিলা কংগ্ৰেছৰ জনজাগৰণ

'সাধাৰণ ৰাইজৰ সমস্যাখিনি বৰ্তমানৰ চৰকাৰখনে বুজি নাপায় কাৰণে সমস্যা সমাধানত ব্যৰ্থ হৈছে ৷ বিজেপি মন্ত্ৰী-বিধায়ক সকলে বিগত পাঁচ বছৰত কিমান মাটি কিনিছে সেয়া শীঘ্ৰে ফাদিল হোৱা উচিত ৷' গাঁৱত জিলা কংগ্ৰেছে ৰূপায়ন কৰা জনজাগৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

nagaon district congress protest against price hike in nagaon
ৰাইজৰ সমস্যাৰাজিক বুজি নাপায় কাৰণে সমাধনত ব্যৰ্থ বিজেপি

By

Published : Nov 19, 2021, 8:56 PM IST

নগাঁও, 19 নৱেম্বৰ :'অহংকাৰী ৰজাৰ আচৰণ কৰিছে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৷ সাধাৰণ ৰাইজৰ সমস্যাখিনি বৰ্তমানৰ চৰকাৰখনে বুজি নাপায় কাৰণে সমস্যা সমাধানত ব্যৰ্থ হৈছে ৷' মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত নগাঁৱত জিলা কংগ্ৰেছে ৰূপায়ন কৰা জনজাগৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি সাংসদ গগৈয়ে কয়, বিজেপিৰ মন্ত্ৰী-বিধায়ক সকলে কেৱল মাত্ৰ হোটেল, ৰিজৰ্ট, বাগিছা খুলি নিজৰ ব্যক্তিগত সম্পত্তি কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ বাবেহে চেষ্টা কৰি আহিছে ৷ জননেতা হিচাপে সাধাৰণ লোকৰ সমস্যা সমূহ কেনেদৰে সমাধান কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব নাই ৷ কংগ্ৰেছ দলে দেশৰ লগতে অসমৰ মূল সমস্যা সমূহ শক্তিশালী ৰূপত ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে ৷

ৰাইজৰ সমস্যাৰাজিক বুজি নাপায় কাৰণে সমাধনত ব্যৰ্থ বিজেপি

বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে কিমান মাটি বেদখল কৰিলে তাৰো এখন তালিকা প্ৰকাশ কৰিব লাগে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয়, বিজেপিৰ মন্ত্ৰী-বিধায়ক সকলে বিগত পাঁচ বছৰত কিমান মাটি কিনিছে সেয়া শীঘ্ৰে ফাদিল হোৱা উচিত ৷

ইফালে তেওঁ কয়, ইউপিএ চৰকাৰৰ দিনত কৃষক সকল উপকৃত হৈছিল । এতিয়া বিজেপি চৰকাৰৰ দিনত কৃষক সকল বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ পে'ট্ৰল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষকৰ বাবে দিয়া দুহেজাৰ টকাৰ সাহাৰ্যৰ কোনো মূল্য নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সাংসদ গগৈয়ে ৷

লগতে পঢ়ক:Farmers Protest:সংক্ষিপ্ত বিৱৰণ

তদুপৰি, তিনি বিৰ্তকিত কৃষি আইন বাতিলৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, সংখ্যাৰ জোৰত কেন্দ্ৰৰ বিজেপি চৰকাৰখনে তিনি কৃষি আইন সংসদত পাচ কৰিছিল ৷ এই বিৰ্তকিত তিনি কৃষি আইন যে ভাৰতবৰ্ষৰ কৃষক সকলে কেতিয়াও গ্ৰহণ নকৰে সেই কথা এতিয়া বিজেপি চৰকাৰখনে বুজি পাইছে ৷ অহংকাৰত ওফন্দি থকা বিজেপি চৰকাৰখনে অৱশেষত জনতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল বুলি কয় সাংসদ গগৈয়ে ৷

উল্লেখ্য যে, নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা নগাঁও চহৰৰ বিভিন্ন স্থানত কংগ্ৰেছৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে জনজাগৰন কাৰ্যসূচী ৰূপায়ন কৰে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহক, বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ আদি শাসক বিৰোধী শ্ল'গাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত কাৰ্যসূচীত নগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, কংগ্ৰেছ বিধায়ক ক্ৰমে শশী কান্ত দাস, শিৱামনি বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃনাল হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ৰাজ্য চৰকাৰে ক্ৰয় কৰিব নেকি কাগজ কল দুটা !

ABOUT THE AUTHOR

...view details