নগাঁও,৪ মাৰ্চ :কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰেও কৃষকসকলৰ সহায়ৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । কৃষিজাত সামগ্ৰী যোগান ধৰাৰ লগতে বহুতো অভিলাষী আঁচনি মুকলি কৰিছে । কিন্তু বহু স্থানত প্ৰকৃত হিতাধিকাৰী কৃষকসকল এই সুবিধাৰ পৰা বঞ্চিত হোৱা দেখা গৈছে । একাংশ দুষ্টচক্ৰৰ কেলেংকাৰীৰ বাবে বঞ্চিত হয় কৃষকসকলে ।
সেয়ে এইবাৰ এনে দুষ্টচক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে কৃষি বিভাগ । চৰকাৰে যোগান ধৰা কৃষিজাত সামগ্ৰী যাতে চোৰাং বজাৰত বিক্ৰী হোৱাৰ বিপৰীতে প্ৰকৃত কৃষকে লাভ কৰে তাৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও কৃষি বিভাগ । দীৰ্ঘদিন ধৰি নগাঁৱত কৃষি সামগ্ৰীৰ চোৰাং বিক্ৰী হোৱাৰ ফলত সাধাৰণ কৃষকে চৰকাৰী সাৰকে ধৰি বিভিন্ন কৃষিজাত সামগ্ৰীৰ পৰা বঞ্চিত হৈ আহিছে । একাংশ ব্যৱসায়ীয়ে দোকানত চৰকাৰী সাৰ, বিভিন্ন কৃষিৰ সামগ্ৰী বিক্ৰী কৰি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে ।
নগাঁও জিলাত চলিল কৃষি বিভাগৰ অভিযান কিন্তু শেহতীয়াকৈ নগাঁও জিলাৰ উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত, জিলা কৃষি বিষয়া আৰু ফাৰ্টিলাইজাৰ ন’ডেল বিষয়াকলৈ এখন জিলা পৰ্যায়ত আৰু কৃষি উন্নয়ন বিষয়াৰ লগতে চক্ৰ বিষয়াকলৈ চক্ৰ পৰ্যায়ত এক টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে । ইতিমধ্যে এই টাস্ক ফ'ৰ্চে কৃষি সামগ্ৰীৰ বিক্ৰীৰ দোকানে দোকানে সকলো তথ্য তন্ন-তন্নকৈ চোৱাৰ উপৰিও সামগ্ৰীসমূহৰ মানদণ্ডৰ দিশটো চকু দিছে (Operation of Nagaon District Agriculture Department)।
তদুপৰি ৰাইজৰ পৰা অহা আপত্তিৰ সংক্ৰান্তত নগাঁও জিলাৰ কৃষি বিষয়াই ছোট ৰূপহী অঞ্চলৰ কেইখনমান সাৰ বিক্ৰীৰ প্ৰতিষ্ঠানত তদন্ত কৰিবলৈ মহকুমা কৃষি বিষয়া প্ৰেমেশ্বৰ নাথ আৰু জ্যেষ্ঠ কৃষি বিষয়া দিলীপ বৰাক দায়িত্ব দিছে বুলি জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই সংবাদ মাধ্যমক অৱগত কৰে । উক্ত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ছোট ৰূপহীৰ বৰ লস্কৰ এগ্ৰ' ষ্ট'ৰ আৰু ইটাপাৰাৰ চাহিদুল কিষাণ ফাৰ্টিলাইজাৰ দোকানত বিসংগতি ধৰা পেলায় । উক্ত দোকান দুখনৰ অনুজ্ঞাপত্ৰ অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰা হৈছে বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ।
নগাঁও জিলাত চলিল কৃষি বিভাগৰ অভিযান প্ৰসংগক্ৰমে জিলা কৃষি বিষয়াজনে সংবাদ মাধ্যমক কয় যে ইতিমধ্যে নগাঁও আৰক্ষী নিবেশ প্ৰেক্ষাগৃহত অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা, জিলা কৃষি বিষয়া, পৰিবহনকাৰী সংস্থাৰ লগত নগাঁও আৰক্ষী অধীক্ষকে এক বৈঠক মিলিত হয় ৷ এই বৈঠকত সকলো পক্ষৰ সহায় সহযোগত যাতে জিলাখনত কৃষক ৰাইজে সাৰ লাভ কৰিবলৈ সক্ষম হয় তাৰবাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল । জিলা কৃষি বিভাগে আইন নমনা সকলো কৃষি সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা ল'ব বুলিও সকিয়াই দিয়ে । কিন্তু প্ৰকৃত কৃষকৰ বিপৰীতে একাংশ ব্যৱসায়ীৰ প্ৰতি দৰদ থকা বুলি অভিযোগ থকা নগাঁও কৃষি বিভাগে কিমান দিনলৈ অব্যাহত ৰাখে এনে অভিযান সেয়াহে এতিয়া মূল বিষয় হৈ পৰিছে ।
লগতে পঢ়ক :Eviction drives in Kaziranga animal corridors : কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্চেদ অভিযান