নগাঁও,১০ মে': সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon district administration) । নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ তৎপৰতাত আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভাগসমূহে ল'বলগীয়া প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আগন্তুক বাৰিষা আৰু সম্ভাৱ্য বান পৰিস্থিতি ২০২৩ ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে (Preparation for flood situation) ।
প্ৰস্তুতিৰ অংশ হিচাপে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, নগাঁৱে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বুধবাৰৰ পৰা নগাঁও জিলা পৰিষদৰ সভা কক্ষত “জৰুৰীকালীন অৱস্থাত সাহায্য শিবিৰ আৰু অস্থায়ী আশ্ৰয় শিবিৰত শিশু আৰু মহিলাৰ যত্ন”ৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ ও কৰ্মশালাৰ আয়োজন কৰে (Nagaon district administration Preparation) ।
এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা ডি ডি এম এ ৰ CEO দেবহুতি বৰাই । জিলাখনৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ বিভিন্ন আইচিডিএছ প্ৰকল্পৰ ৫০ গৰাকী অংগনবাড়ী কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত মূলতঃ বান পৰিস্থিতিৰ ওপৰত বিশেষ হেঁচা প্ৰদান কৰি জৰুৰীকালীন অৱস্থাত সাহায্য শিবিৰ আৰু অস্থায়ী আশ্ৰয় শিবিৰত থকা মহিলা আৰু শিশুসকলৰ বাবে বিশেষ যত্ন আৰু প্ৰয়োজনীয় পদক্ষেপ, ব্যৱস্থা আৰু সাৱধানতাৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় (Flood in Assam) ।