নগাঁও, 22 ফেব্ৰুৱাৰী: ২০২৩ বৰ্ষৰ বাবে নগাঁও জিলাৰ বান প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলাখনৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয় (Nagaon DC Narendra Kr Shah) ।
যিহেতু বাৰিষা কালত বানৰ ফলত বিস্তৰ ক্ষতি সাধন হয় জনসাধাৰণৰ ৷ সেয়েহে, বানৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰিবলৈ অনুষ্ঠিত হয় এই বৈঠক (Nagaon District Administration meeting) ৷ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকখনত ভৱিষ্যতে বানৰ ফলত হ’ব পৰা ক্ষতি হ্ৰাস কৰাৰ বাবে ইতিমধ্যে হাতত লোৱা তথা প্ৰয়োজন হ’ব পৰা বিভিন্ন প্ৰস্তুতিমূলক কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় (2023 flood preparation By Nagaon Administration) ৷
বৈঠকত বান সাহাৰ্য শিবিৰৰ উপলব্ধতা, সাহাৰ্য শিবিৰত খোৱা পানী, শৌচালয়ৰ উপলব্ধতা, বিদ্যুৎ সংযোগ আদি বিষয়ৰ আলোচনা কৰা হয় । স্বাস্থ্য বিভাগৰ প্ৰতিনিধিক প্ৰয়োজনীয় ঔষধৰ সৈতে সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় । অন্যান্য প্ৰয়োজনীয় সাৱধানতামূলক ব্যৱস্থা যেনে, লাইফ জেকেট, ৰবৰৰ নাও, প্ৰশিক্ষিত স্বেচ্ছাসেৱকসকলৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় ।