অসম

assam

ETV Bharat / state

Eviction in Nagaon: নগাঁৱত পুনৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - eviction in Nagaon govt school encroachment

নগাঁৱত পুনৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান (eviction in Nagaon) । এইবাৰ বিদ্যালয়ৰ ভূমিত উচ্ছেদ অভিযান জিলা প্ৰশাসনৰ । বিদ্যালয়ৰ ভূমি বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ অভিযোগ ।

Nagaon
Nagaon

By

Published : Jan 4, 2023, 3:40 PM IST

নগাঁৱত পুনৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

নগাঁও, ৪ জানুৱাৰী : বটদ্ৰৱাৰ চৰকাৰী ভূমিত নগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছত পুনৰ উচ্ছেদ চলাইছে জিলা প্ৰশাসনে (Nagaon district administration eviction) । এইবাৰ বিদ্যালয়ৰ ভূমিত উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে । বটদ্ৰৱাৰ উচ্ছেদৰ পাছত পুনৰ নগাঁৱৰ বেদখলিকৃত ভূমিত চলিছে চৰকাৰী বুলড'জাৰ (eviction in Nagaon) ।

বুধবাৰে নগাঁও জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ ভূমিত । মঙলবাৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বুলড'জাৰৰ সহায়ত উচ্ছেদ কৰে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান (eviction in Nagaon govt school encroachment) । নগাঁৱৰ সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভূমি অবৈধভাৱে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল একাংশ লোকে । বিশেষকৈ চৌধুৰী উপাধিৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে চৰকাৰী বিদ্যালয়খনৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বুধবাৰে নগাঁৱৰ জিলা প্ৰশাসনৰ চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকৰ উপস্থিতিত চলোৱা হয় উচ্ছেদ অভিযান । জমিয়ত উলেমাৰ এটা কাৰ্যালয় নিৰ্মাণৰ নামত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ অভিযোগ কৰিছে সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে । বিদ্যালয়ৰ ভূমিত স্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ কাম আৰম্ভ কৰাত সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ৰাজহ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ ওচৰত বিদ্যালয়খনৰ ভূমি বেদখলৰ অভিযোগ দাখিল কৰা হৈছিল ।

উক্ত অভিযোগৰ ভিত্তিত অনুসন্ধান কৰি বুধবাৰে বুলড'জাৰৰ সহায়ত উচ্ছেদ কৰা হয় বুলি জানিবলৈ দিয়ে নগাঁৱৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে । নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বেদখল কৰি নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰিবলৈ সক্ষম হয় প্ৰশাসনে । উল্লেখযোগ্য যে সোণাইঘাটত জমিয়ত উলেমা-ই-হিন্দৰ (jamiyat ulema e hind) এটা কাৰ্যালয় গড়কাপ্তানী বিভাগৰ ভূমিত নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন হৈছে । নগাঁও ধিং গড়কাপ্তানী পথৰ নিৰ্মাণকাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত জমিয়ত উলেমা-ই-হিন্দৰ কাৰ্যালয়টোৰ কিছু অংশ ভাঙি দিয়া হৈছে যদিও পৰৱৰ্তী সময়ত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ।

বুধবাৰে সোণাইঘাটত চলোৱা উচ্ছেদ অভিযানৰ সময়ত জমিয়ত উলেমা-ই-হিন্দৰ কাৰ্যালয় উচ্ছেদ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে । আনহাতে, বুধবাৰে সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভূমিত হোৱা বেদখল উচ্ছেদ কৰাত জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Broken bridge in Kalgachia : কলগাছিয়াত ভগা দলঙে ভৰষা ৰাইজৰ

ABOUT THE AUTHOR

...view details