অসম

assam

ETV Bharat / state

বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান - যজ্ঞ বেজবৰুৱা

বিশিষ্ট সংগীত শিল্পী সুৰকাৰ,গীতিকাৰ যজ্ঞ বেজবৰুৱাৰ সোমবাৰে পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৩৯ চনৰ পহিলা মাৰ্চত জন্মগ্ৰহণ কৰা বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে নগাঁৱৰ লগতে অসমৰ সংগীত জগতত ৷

nagaon_died_Artist_Lyricist_jagya_bejborua
বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাৰ দেহৱসান

By

Published : Aug 3, 2020, 12:44 PM IST

নগাঁও,3 আগষ্ট:বিগত কেইবাদশক ধৰি নগাঁৱৰ লগতে অসমৰ সংগীত জগতখনত সমৃদ্ধ কৰি ৰখা বিশিষ্ট সংগীত শিল্পী সুৰকাৰ,গীতিকাৰ যজ্ঞ বেজবৰুৱাৰ সোমবাৰে পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটে। সৰাফুল এপাহি,উদাসী ফাগুনে কলেহি গোপনে,ফুল ফুলি ফুলি আদি বহু গীতেৰে শ্ৰোতাক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছিল এক অনন্য প্ৰতিভাৰ অধিকাৰী শিল্পী যজ্ঞ বেজবৰুৱাই । ১৯৩৯ চনৰ পহিলা মাৰ্চত জন্মগ্ৰহণ কৰা বিশিষ্ট সংগীত শিল্পী যজ্ঞ বেজবৰুৱাই ১৯৫১-৫২ চনৰ পৰাই সুশীল বেনাৰ্জী,হৰিমোহন গোস্বামী,পুৰুষোত্তম দাস,বীৰেন ফুকনৰ ওচৰত সংগীতৰ আদিপাঠৰ শিক্ষা গ্ৰহণ কৰিছিল ৷

অন্য এক খবৰৰ বাবে: আজি বিশ্ব সংস্কৃত দিৱস

সত্তৰ দশকত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰাও তেখেতে সংগীত পৰিৱেশন কৰিছিল । শকুন্তলা,ফিংগাৰপ্ৰিণ্ট,সেই বাটেদি,মগ্ৰীবৰ আজান আদি কেবাখনো নাটকত আৱহ সংগীতো পৰিৱেশন কৰিছিল এইগৰাকী বিশিষ্ট গীতিকাৰে। মধুৰ,মূৰ্ছনা,মিঠা-মিঠা জোনাক,পখিলা,অনন্য আৰু অমিয়া,মৌ,নীলিমা আদি শ্ৰব্য কেছেটতো আছিল তেওঁৰ উল্লেখযোগ্য কৃতিত্ব।

২০১৬ চনতে অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিছিল যজ্ঞ বেজবৰুৱাই । ২০১৫ চনত অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশন,দূৰদৰ্শন কেন্দ্ৰ আদিত সম্বৰ্ধিত হৈছিল শিল্পী যজ্ঞ বেজবৰুৱা। বিশিষ্ট শিল্পী গৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁৱৰ লগতে অসমৰ সংগীত জগতত পৰিছে এতিয়া শোকৰ ছাঁ ৷

ABOUT THE AUTHOR

...view details