অসম

assam

ETV Bharat / state

Nagaon DC warns officers: ভূমি সম্বন্ধীয় সেৱা প্ৰদানত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ জিলা উপায়ুক্তৰ - Nagaon DC warns to take action

ৰাজহ চক্ৰৰ কাৰ্য্যালয় পৰিদৰ্শন কৰি মিছন বসুন্ধৰা ২.০ , ভূমিপুত্ৰ আঁচনি, অপত্তিবিহীন প্ৰমাণ পত্ৰ, লোকসেৱাৰ অধিকাৰ আদিৰ অগ্ৰগতিৰ বুজ লয় নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে (Nagaon DC visit circle office)। ভূমি সমন্ধীয় সেৱা প্ৰদানত গাফিলতি কৰা চক্ৰ বিষয়া, মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ জিলা উপায়ুক্তৰ (Nagaon DC warns officers)।

Nagaon DC visit circle office
চামগুৰী ৰাজহ চক্ৰ পৰিদৰ্শন নগাঁও জিলা উপায়ুক্তৰ

By

Published : Mar 16, 2023, 2:06 PM IST

নগাঁও, 16 মাৰ্চ: বুধবাৰে বিয়লি নগাঁও জিলাৰ অন্তৰ্গত চামগুৰী ৰাজহ চক্ৰ পৰিদৰ্শন কৰে নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে (Narendra Kumar Shah DC Nagon)। এই পৰিদৰ্শন কালত জিলা উপায়ুক্তগৰাকীয়ে ৰাজহ চক্ৰটোৰ চক্ৰ বিষয়াৰ লগতে মণ্ডল সকলৰ লগত ভূমি ক্ৰয়-বিক্ৰয়ৰ আপত্তিবিহীন প্ৰমানপত্ৰ (NOC), লোকসেৱাৰ অধিকাৰৰ অধীনৰ বিভিন্ন সেৱাসমূহ, মিছন বসুন্ধৰা ২.০ (Mission Basundhara 2.0), ভূমিপুত্ৰ আঁচনি আদিৰ অগ্ৰগতিৰ বুজ লয় (Nagaon DC visit circle office)।

উপায়ুক্ত গৰাকীয়ে জনসাধাৰণে যাতে এই সেৱাসমূহ নিৰ্দিষ্ট সময়ত লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবৰ বাবে সকলোকে গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে (Land related services in Assam) । অন্যথা ইচ্ছাকৃতভাৱে এই সেৱাসমূহ প্ৰদানত পলম বা গাফিলতি কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

ৰাজহ চক্ৰ পৰিদৰ্শন নগাঁও জিলা উপায়ুক্তৰ

উপায়ুক্ত গৰাকীয়ে চক্ৰবিষয়াৰ কাৰ্যালয়ত কেইবাগৰাকী জনসাধাৰণৰ লগত এই সেৱাসমূহৰ বিষয়ত বাৰ্তালাপ কৰাৰ লগতে মুদ্ৰাঙ্ক বিক্ৰেতা, তৰণী আদিৰ লগতো বিভিন্ন বিষয়ত আলোচনা কৰে। সততে অভিযোগ উঠা কৃত্ৰিম মুদ্ৰাঙ্কৰ নাটনি, উপৰুক্ত আঁচনিসমূহৰ অন্তৰ্গত সেৱাসমূহ প্ৰদানৰ ক্ষেত্ৰত তৃতীয়পক্ষৰ অংশগ্ৰহণ আদিৰ সন্দৰ্ভত সতৰ্ক কৰি দিয়ে।

উপায়ুক্ত গৰাকীয়ে এই ভ্ৰমণকালত ৰঙাগড়া মৌজাৰ মৌজাদাৰৰ কাৰ্যালয়টোও পৰিদৰ্শন কৰে। উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মৌজাটোৰ বিভিন্ন ৰাজহ সংগ্ৰহৰ দিশটোৰ বুজ লয়।

ৰাজহ চক্ৰ পৰিদৰ্শন নগাঁও জিলা উপায়ুক্তৰ

জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় পৰিদর্শনৰ সময়ত অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা, চামগুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথকে প্ৰমুখ্য কৰি অন্যান্য বিষয়া সকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, ৰাজ্যত ভূমি ক্ৰয়-বিক্ৰয়ৰ আপত্তিবিহীন প্ৰমানপত্ৰ, ARTPS ৰ অধীনৰ বিভিন্ন সেৱাসমূহ, মিছন বসুন্ধৰা, ভূমিপুত্ৰ আঁচনি আদিকে ধৰি বিভিন্ন আঁচনি অথবা সেৱা জনসাধাৰণক প্ৰদান কৰাৰ ক্ষেত্ৰত, বিভিন্ন সময়ত গাফিলতিৰ অভিযোগ উথ্থাপন হৈ আহিছে ৷

লগতে পঢ়ক:Akhil to Assam govt: ধৰ্মৰ ৰাজনীতি বাদ দি কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

...view details