নগাঁও,1 মাৰ্চ: নিৰ্বাচনক লৈ কঠোৰ হৈছে নগাঁও জিলা উপায়ুক্ত ৷ দেওবাৰে উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কবিতা পদ্মনাভনে এক জাননী যোগে জাৰি কৰিছে নিৰ্বাচন সম্বন্ধীয় কিছু তথ্য ৷
এই জাননীত উল্লেখ কৰা অনুসৰি, নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত ভোটাৰক যিকোনো প্ৰকাৰৰ নগদ ধন অথবা অন্য দ্ৰব্যৰ ৰূপত উৎকোচ দিব বা ল’ব নোৱাৰিব ৷ এনে কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৭১-বি ৰ অধীনত দোষী সাব্যস্ত হৈ এবছৰ পৰ্যন্ত কাৰাদণ্ড অথবা জৰিমনা ভৰিব লাগিব অথবা দুয়োটা প্ৰযোজ্য হ’ব পাৰে ।
নিৰ্বাচনক লৈ কঠোৰ নগাঁও জিলা উপায়ুক্ত ইয়াৰ উপৰিও, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৭১-চি অনুসৰি যিকোনো প্ৰাৰ্থী অথবা নিৰ্বাচকক অথবা যিকোনো অন্য ব্যক্তিক যিকোনো প্ৰকাৰে আঘাত কৰাৰ ভাবুকি দিয়াজনৰ ক্ষেত্ৰত এবছৰ পৰ্যন্ত কাৰাদণ্ড অথবা জৰিমনা অথবা দুয়োটা শাস্তি প্ৰযোজ্য হ’ব পাৰে ৷ ইয়াৰ দ্বাৰা সকলো নাগৰিককে যিকোনো ধৰণৰ উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰে নগাঁৱৰ উপায়ুক্ত গৰাকীয়ে ৷ যদি কোনো লোকে যিকোনো ধৰণৰ উৎকোচ দিয়া অথবা ভোটাৰক ভাবুকি দিয়াৰ বিষয়ে জানিবলৈ পায়, তেনেহ’লে জিলাৰ গোচৰ নিৰীক্ষণ কোষ (২৪/৭ কাৰ্যক্ষম) নম্বৰ ০৩৬৭২-২৩৬৮২৭ আৰু ০৩৬৭২-২৫১০৬২১ ত অভিযোগ দিব পাৰিব ৷
লগতে পঢ়কঃনলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা