নগাঁও,24 জুলাইঃ ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহ ৷ মধ্য অসমত গৰু সৰবৰাহৰ বাবে সক্ৰিয় ছিণ্ডিকেট চক্ৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো গা কৰি উঠিছে সৰবৰাহকাৰী ৷ নগাঁৱৰ ৰূপহীহাট,চামগুৰি আদি অঞ্চলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈ গোপনে সৰবৰাহ হৈ আছে পশুধন । যোৱা কিছুদিন ধৰি নগাঁৱত জব্দ হৈছে ইখনৰ পিছত আনখন গৰু ভৰ্তি ট্ৰাক ৷
মঙলবাৰে নগাঁৱৰ চামগুৰি আৰক্ষীয়ে গৰু ভৰ্তি দুখন ট্ৰাক জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছিল ট্ৰাকখনৰ চালক হেণ্ডিমেনসহ 6 জনকৈ কৰ্মচাৰীক।তাৰে আটক হোৱা আব্দুল আওৱাল নামৰ এজনৰ শৰীৰত ইতিমধ্যে ধৰা পৰিছে ক'ভিড 19ৰ উপস্থিতি ৷ ইপিনে,কলিয়াবৰৰ উলুৱনী আৰক্ষীয়ে বুধবাৰে অবৈধভাৱে সৰবৰাহ কৰা 13খনকৈ গৰুভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ ইয়াৰে এফ চি আইৰ ষ্টীকাৰ লগোৱা এখন গৰুভৰ্তি ট্ৰাকে পলায়নৰ চেষ্টা কৰোতেই ৰাইজৰ সহযোগত নগাঁৱৰ মাজৰআটিত আৰক্ষীয়ে জব্দ কৰিছিল ট্ৰাকখন। কিন্তু ৰহস্যজনকভাৱে পলায়ন কৰিবলৈ সক্ষম হৈছিল ট্ৰাকখনৰ চালক। আনহাতে,বৃহস্পতিবাৰেও নগাঁৱৰ বৰঘাটত জব্দ হৈছিল এখন গৰুভৰ্তি ট্ৰাক।