নগাঁও, 12 মে’: নগাঁৱত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক’ভিড 19ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত জিলাখনত 311 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 পজিটিভ ৷ মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ২৫৮৬ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰে । ৰেপিট এন্টিজেন টেষ্টৰ জৰিয়তে কৰা এই পৰীক্ষাতে 311 গৰাকী ক’ভিড 19ত আক্ৰান্ত বুলি ধৰা পেলোৱা হয় ।
আক্ৰান্ত সকলৰ 288 জনক নিজ নিজ বাসগৃহতে আছুতীয়াকৈ পৰ্যবেক্ষণত ৰখাৰ উপৰিও 23 গৰাকীক নগাঁৱৰ শ্বহীত ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ লগতে মঙলবাৰৰ দিনটোতে জিলাখনত চাৰিজনকৈ লোকৰ এই মহামাৰীত মৃত্যু হয় ৷