নগাঁও, 20 মে’: সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ড(Mob lynching of Abhi Neel) গোচৰৰ শুকুৰবাৰেও শুনানি গ্ৰহণ কৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে । বৃহস্পতিবাৰে নগাঁও আদালতত সাক্ষ্যদান কৰা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়াক শুকুৰবাৰে জেৰা কৰাৰ কথা আছিল বিপক্ষৰ অধিবক্তাই । কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবেই শুকুৰবাৰে নগাঁও আদালতত সম্পূৰ্ণ নহ'ল সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া ।
ক'ভিড ১৯ কে ধৰি বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া পলম হ’লেও শেহতীয়াকৈ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ দ্ৰুতগতিত আৰম্ভ হৈছে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । চলিত মাহত তিনিবাৰকৈ শুনানি গ্ৰহণ কৰা নগাঁও আদালতে অহা জুন মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণৰ বাবে দিন ধাৰ্য কৰিছে (Hearing of Abhi Neel murder case)।