অসম

assam

Life imprisonment under POCSO Act: পকচ’ আইনৰ অধীনত এজনক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

By

Published : Mar 7, 2023, 9:39 AM IST

পকচ' আইনৰ অধীনত চূড়ান্ত ৰায় নগাঁও আদালতৰ (Life imprisonment under POCSO Act) । শিশুক যৌন নিৰ্যাতন চলোৱা গোচৰত এজনক জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ (Nagaon court sentences one to life imprisonment) ।

Nagaon court
এজনক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

এজনক যাৱজ্জীৱন কাৰাদণ্ড নগাঁও আদালতৰ

নগাঁও, 7 মাৰ্চ : এটি শিশুক যৌন নির্যাতন চলোৱা গোচৰত সোমবাৰে চূড়ান্ত ৰায় প্ৰদান কৰে নগাঁও আদালতে । 6 বছৰীয়া এটি নাবালকক যৌন নিৰ্যাতন চলোৱা এক গোচৰত সোমবাৰে নগাঁৱৰ বিশেষ পকচ' আদালতে অভিযুক্ত ষাঠিৰ উৰ্দ্ধৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে (Nagaon court sentences one to life imprisonment) ৷

নগাঁৱৰ বিশেষ পকচ' আদালতৰ বিশেষ চৰকাৰী অধিবক্তাই উল্লেখ কৰা অনুসৰি, নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰ্মৰত জগদীশ বৰকাকতি নামৰ এজন লোকে বিগত ২০১৮ চনৰ ২৪ জানুৱাৰীত সংঘটিত কৰিছিল সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । কাৰাগাৰৰ চৰকাৰী আবাস গৃহত পৰিয়ালসহ থকা লোকজনৰ জ্যেষ্ঠ কন্যাৰ ওচৰলৈ টিউচন কৰিবলৈ অহা ছয়বছৰীয়া ল'ৰা শিশুটিক সেই দিনটোত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চিপচৰ পেকেট দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলাইছিল ।

ঘটনাৰ সবিশেষ প্ৰথমে পৰিয়ালৰ লোকে জনা নাছিল যদিও কেইদিনমান দিনৰ পিছত অৰ্থাৎ ৩১ জানুৱাৰীত পিতৃয়ে শিশুটিৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত সন্দেহ বশতঃ সোধা পোচা কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । পিছত পিতৃয়ে ঘটনা সন্দৰ্ভত সেইদিনাই নগাঁও সদৰ থানাত লম্পট জগদীশ বৰকাকতিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে পকচ' আইনৰ অধীনত ৩২৫/২০১৮ নম্বৰত গোচৰটি পঞ্জীয়ন কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰে ৷

উক্ত গোচৰটোৰ সোমবাৰে ৰায়দান কৰি নগাঁও বিশেষ পকচ' আদালতৰ ন্যায়াধীশ ইপ্সিতা বৰঠাকুৰে অভিযুক্ত জগদীশ বৰকাকতিক বিশেষ পকচ' আইনৰ ছয় ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ (Life imprisonment under POCSO Act) লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে । জৰিমনা দিবলৈ সক্ষম নহ'লে অতিৰিক্ত ছয়মাহৰ জেল খাটিব লাগিব দোষীয়ে । নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দুবছৰ পূৰ্বে অৱসৰ লোৱা লোকজনৰ ঘৰ পুৰণিগুদামত বুলি জানিব পৰা গৈছে । তেওঁৰ বৰ্তমান বয়স ৬৩ বছৰ ।

লগতে পঢ়ক :Morphine seized in Nagaon : নগাঁৱত প্ৰায় ৯ কোটি টকাৰ মৰ্ফিন জব্দ

ABOUT THE AUTHOR

...view details