নগাঁও,27 জানুৱাৰীঃ সমগ্ৰ দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ নগাওঁ আদালতত চলি থকা গোচৰৰ সোমবাৰে গ্ৰহণ কৰা হয় আন এক শুনানি ৷ অভিযুক্ত পক্ষই এজন অভিযুক্তক নাবালক সজাই গোচৰৰ পৰা ৰেহাই দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু সোমবাৰে নগাঁও আদালতে নাকচ কৰে নাবালকৰ প্ৰমাণ পত্ৰ দিয়া আৱেদন ৷ আনহাতে ঘটনাত অভিযুক্ত সকলক নাবালক সজাই বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ যি একপ্ৰকাৰ হতাশ কৰি তুলিছে ভূক্তভোগী পৰিয়াল দুটাক ৷
আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ - অভি-নীল হত্যাৰ অভিযুক্ত
অভি-নীল হত্যাকাণ্ডৰ অভিযুক্ত পক্ষই এজন অভিযুক্তক নাবালক সজাই গোচৰৰ পৰা ৰেহাই দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু সোমবাৰে নগাঁও আদালতে নাকচ কৰে নাবালকৰ প্ৰমাণ পত্ৰ দিয়া আবেদন ৷

আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ
নিলোৎপল দাসৰ পিতৃৰ ভাষ্য
উল্লেখযোগ্য যে, নীল-অভি স্মৃতিৰক্ষা সমিতি, জাষ্টিচ ফৰাম আৰু সেৱা নামৰ তিনি অনুষ্ঠানে এতিয়াৰ পৰা প্ৰতিটো শুনানিত উপস্থিত থাকি গোচৰ সন্দৰ্ভত অসমবাসীক অৱগত কৰিব ৷ আনহাতে, নগাঁও আদালতে গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন 18 ফেব্ৰুৱাৰী ধাৰ্য কৰে ৷
অভিজিত নাথৰ পিতৃৰ ভাষ্য