অসম

assam

ETV Bharat / state

ছীল কৰা হ'ল নগাঁও আদালতঃ কনন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

কনন্টেইনমেন্ট জ'ন ঘোষণা হ'ল নগাঁও আদালত। বন্ধ হ'ল আদালত আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ। নগাঁও আদালতৰ পৰাও গণ সংক্ৰমণৰ আশংকা। চেনিটাইজ কৰা হ'ল আদালত আৰু উপায়ুক্ত কাৰ্যালয়

By

Published : Jul 3, 2020, 12:52 PM IST

Nagaon
ছীল কৰা হ'ল নগাঁও আদালত

নগাঁও, 3 জুলাই : নগাঁও আদালতৰ দুগৰাকীকৈ দণ্ডাধীশৰ লগতে আদালত কাৰ্যালয়ৰ তিনিজনকৈ কৰ্মচাৰীৰ দেহত কোভিড ১৯ৰ উপস্থিতি পোৱাৰ পাছতে শংকিত হৈ পৰিছে নগাঁওবাসী । তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ন্যায়িক দণ্ডাধীশ ইকবাল আহমেদ আৰু চালেহ আহমেদৰ লগতে কাৰ্যালয় সহায়ক নীলাভ নয়ন ডেকা,জাৰিকাৰক দিলদাৰ হুছেইন খান আৰু পিয়ন মৃন্ময় জ্যোতি বৰাক কোভিড ১৯ পজিটিভ পোৱা গৈছিল।

ছীল কৰা হ'ল নগাঁও আদালত

লগতে পঢ়কঃ কৰিমগঞ্জত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ

তাৰ পাছতেই শুকুৰবাৰে পুৱা নগাঁও জিলা ন্যায়িক আদালত,জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে কাৰ্যালয়ৰ চৌহদ সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হয়। শুকুৰবাৰে পুৱাই জিলা ন্যায়িক দণ্ডাধীশ,উপায়ুক্ত,অতিৰিক্ত উপায়ুক্তই সমগ্ৰ আদালত পৰিদৰ্শন কৰি আদালত ছীল কৰি দিয়ে ৷ উল্লেখ্য যে,কেৱল জৰুৰী কামৰ বাবে আদালতৰ এটা অংশ খোলা ৰখাৰ অনুমতি প্ৰদান কৰে জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে,অপহৃত এগৰাকী কিশোৰীৰ সাক্ষ্য গ্ৰহণ কৰাৰ বাবেই আদালতৰ দণ্ডাধীশ,কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। পৰৱৰ্তী সময়ত নিৰ্দিষ্ট আদালতত সাক্ষ্যদান কৰা লোকৰ লগতে কভিড ১৯ত আক্ৰান্ত দুগৰাকী দণ্ডাধীশ আৰু তিনিগৰাকী কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহা লোকৰ অনুসন্ধান আৰম্ভ কৰিছে জিলা প্ৰশাসনে। নগাঁও আদালত কাৰ্যালয়ৰ পৰাও গণ সংক্ৰমণৰ আশংকা নুই কৰিব নোৱাৰি।

ABOUT THE AUTHOR

...view details