নগাঁও, 11 মাৰ্চ: পৌৰসভা নিৰ্বাচনত নগাঁও কংগ্ৰেছ নেতৃত্বৰ ব্যর্থতাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই পদত্যাগ কৰিলে জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাই (Nagaon congress president resign)। নগাঁৱত পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলটো ধূলিসাৎ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বাবে দায়িত্ব স্বীকাৰ কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই শুকুৰবাৰে পদত্যাগ কৰে ।
উল্লেখযোগ্য যে, সদ্যঘোষিত পৌৰসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেছা খাইছিল কংগ্ৰেছে । ২৬ টাকৈ ৱাৰ্ডেৰে গঠিত নগাঁও পৌৰসভাৰ মাত্ৰ এটা ৱাৰ্ড কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ২৫ টাকৈ ৱাৰ্ড দখল কৰিছিল বিজেপি অগপ মিত্ৰজোঁটে । কেৱল এয়াই নহয় নগাঁও পৌৰসভা এলেকাৰ ১২ ৱাৰ্ডত প্ৰথমবাৰৰ বাবে পৰাজয় বৰণ কৰিছে কংগ্ৰেছে ৷