নগাঁও, 23 ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰতা বৃদ্ধি কৰিছে শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছৰো । একেৰাহে দ্বিতীয়বাৰ কেন্দ্ৰৰ শাসনৰ বাঘজৰী হাতত ল’বলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক প্ৰতিহত কৰিবলৈ যেন এইবাৰ উঠিপৰি লাগিছে বিৰোধী দল কংগ্ৰেছ ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এক সিদ্ধান্ত মৰ্মে দেশজুৰি বিৰোধী দল কংগ্ৰেছে ভাৰত জড়ো যাত্ৰা নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিচত দেশৰ জনসাধাৰণক আকৰ্ষিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছিল আন এক কাৰ্যসূচী । সেয়া আছিল ‘‘হাত ছে হাত জোড়ো’’ কাৰ্যসূচী ৷
পিচে এইবাৰ বিজেপিৰ বিৰুদ্ধে সংবাদ মেলৰ আয়োজন কৰি বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিয়াৰ নিৰ্দেশ আহিছে দলটোৰ হাইকামণ্ডৰ পৰা । সৰ্বভাৰতীয় কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদকৰ নিৰ্দেশ অনুসৰি জিলাই জিলাই আয়োজন হৈছে সংবাদ মেলৰ ।
বৃহস্পতিবাৰে নগাঁও ৰাজীৱ ভৱনতো সংবাদ মেলৰ আয়োজন কৰি শাসকীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা কংগ্ৰেছ (Nagaon congress press meet)। বৃহস্পতিবাৰে হাইকামণ্ডৰ নিৰ্দেশ পালন কৰি নগাঁও ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ নগাঁও জিলা সভাপতি সুৰেশ বৰাই ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ দস্তাবেজ হাতত লৈ সংবাদ মেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই (Nagaon congress leader Suresh Borah criticized BJP) । জীৱন বীমা নিগমৰ ক্ষতি হৈছে আদানিৰ বাবে । দেশজুৰি তোলপাৰ লগোৱা আদানী প্ৰসংগ উল্লেখ কৰি সংবাদ মেলত উক্ত মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ।