আছুৰ উদ্যোগত প্ৰতিযোগীতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ - লুৰিণজ্যোতি গগৈ
নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি
নগাওঁ, 30 জুলাইঃ নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকি চৰকাৰক সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পৰাকৈ প্ৰতিখন জিলাতে প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি অসম লোকসেৱা আয়োগত সংঘটিত হোৱা দূৰ্নীতিৰ তদন্ত তীব্ৰতৰ কৰিবলৈও দাবী উত্থাপন কৰে ৷ এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ 130 গৰাকী ছাত্ৰ ছাত্ৰীক নগাওঁ জিলা অতিৰিক্ত উপায়ুক্ত মৃদুল বড়ো, উপ আৰক্ষী অধীক্ষক জন দাসৰ উপৰিও গুৱাহাটীৰ কেইবা গৰাকী প্ৰশিক্ষকৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ ৷