চামগুৰি, 20 নৱেম্বৰ :দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত শনিবাৰে নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নগাঁও মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে বিধানসভাৰ মজিয়াত আহ্বান জনোৱাৰ লগতে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্ত গ্ৰহণ কৰে ।