অসম

assam

ETV Bharat / state

দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ - দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শুকুৰবাৰে এক মানৱ শৃংখলৰ সৃষ্টি কৰি প্ৰদূষণ ৰোধ কৰিবলৈ সজাগতা চলাই ৷

দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

By

Published : Oct 25, 2019, 8:29 PM IST

নগাঁও, 25 অক্টোবৰঃ দিপাৱলী লৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বজাৰ ভৰিছে ফটকা,আতচবাজীৰে ৷ দিপাৱলীৰ সময়ছোৱাত শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শুকুৰবাৰে এক মানৱ শৃংখলৰ সৃষ্টি কৰি প্ৰদূষণ ৰোধ কৰিবলৈ সজাগতা চলাই ৷

মানৱ শৃংখলৰ সৃষ্টি কৰা মূহুৰ্তত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী
প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে দীপাৱলীৰ প্ৰাকমহুৰ্তত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। ফটকা আতচবাজীৰ শব্দয়ে সৃষ্টি কৰা প্ৰদূষণে জীৱকূলৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক বছৰেই দীপাৱলীৰ প্ৰাকমূহুৰ্তত গ্ৰহণ কৰি আহিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী।মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ প্রচেষ্টাত ছাত্ৰ ছাত্ৰীয়ে এইদৰে প্ৰদূষণমুক্ত দীপাৱলী উদযাপনৰ বাবে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

For All Latest Updates

ABOUT THE AUTHOR

...view details