নগাঁৱ,7 ডিচেম্বৰঃ ৰাজ্যৰকটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পিছত প্ৰতিবাদত নামিল নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । শনিবাৰে কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদী দলটোৱে কেব বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নগাওঁ চহৰ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বহুকেইখন কলেজে অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়ৰ সন্মুখৰ মূলপথটি অধিকাৰ কৰি পথৰ ওপৰতে শুই পৰে একাংশ ছাত্ৰ ৷ আৰক্ষীয়ে প্ৰতিবাদী দলটোক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷
ইপিনে পথটোৰে যোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কনভয় বিজেপি নেতাৰ বুলি ভাবি ঘেৰাও কৰাৰ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে । অৱশ্যে মহন্তয়ো ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । অসম আন্দোলনৰ পটভূমি নগাওঁত কেবৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, প্ৰতিবাদস্থলীত এজন ছাত্ৰই তেজেৰে শ্লোগান লিখি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷ শৰীৰত শেষ বিন্দু তেজ থকালৈ এই আন্দোলন চলিব বুলি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে মন্তব্য কৰে ৷