নগাঁও,14 মাৰ্চঃনগাঁৱৰ এখন বিয়া। কিন্তু বিয়াঘৰলৈ দৰাৰ সলনি আহিল আৰক্ষীহে ৷ শনিবাৰে দিনৰ তিনি বজাত সম্পন্ন হ'বলগীয়া আছিল বিবাহখন ৷ দৰাঘৰৰ লোকেও কইনাক নিবলৈ আহিছিল আধাবাটলৈ ৷ কিন্তু হোজাই আমতলাৰ এই কইনাঘৰত হঠাৎ উপস্থিত হ'ল হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং,পেনেল অধিবক্তা ৰোহিনা ওৱাৰিছ,অমৰজ্যোতি শইকীয়া,চাইল্ড লাইন আৰু যোগীজান আৰক্ষীৰ এটা বৃহৎ দল ৷ আৰক্ষীৰ লোকক প্ৰত্যক্ষ কৰিয়েই হুলস্থুল লাগিল বিয়াঘৰত ৷ পলায়ন কৰিলে দুই-এজনে ৷ আইন সেৱা প্ৰাধিকৰণৰ দলটিয়ে কইনাৰ নথিপত্ৰ বিচৰাত ওলাল ওৰহী গছৰ ওৰ ৷
বিয়াঘৰত আৰক্ষী,দৰা উভতিল আধাবাটৰ পৰাই ! - হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ
নগাঁৱৰ এখন বিয়া ৷ কিন্তু বিয়াঘৰলৈ দৰাৰ সলনি আহিল আৰক্ষীহে ৷ দৰা ঘূৰিল আধা বাটৰ পৰাই ৷ ইফালে হুৱাদুৱা লাগিল কইনাঘৰত ৷ আচলতে কি হৈছে এই বিবাহথলীত ৷ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন....
![বিয়াঘৰত আৰক্ষী,দৰা উভতিল আধাবাটৰ পৰাই ! nagaon child marriage](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6403678-503-6403678-1584161047964.jpg)
বিয়াঘৰত আৰক্ষী, দৰা উভতিল আধাবাটৰ পৰাই
বিয়াঘৰত আৰক্ষী,দৰা উভতিল আধাবাটৰ পৰাই !
ইফালে আমতলাৰ ঘৰে ঘৰে আজি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে অনুষ্ঠিত কৰে সজাগতা সভা ৷ বাল্যবিবাহ নিষিদ্ধকৰণ আইন ২০০৬সন্দৰ্ভত আইন সেৱা প্ৰাধিকৰণে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷
লগতে চাওকঃ
কৰ’ণা আতংকঃ বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ
Last Updated : Mar 14, 2020, 10:55 AM IST