অসম

assam

By

Published : Jul 21, 2020, 10:44 PM IST

ETV Bharat / state

কৰ'ণাৰ হটস্পটত পৰিণত নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত পুনৰ ৪৮ জনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ আক্ৰান্ত আটাইকেইগৰাকীকে কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে জিলাখনত আৰম্ভ কৰা হৈছে ৰেপিড এন্টিজেন টেষ্ট ৷

corona_hotspot nagaon Central-jail
কৰ'ণাৰ হটস্পটত পৰিণত নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ

নগাঁও,21জুলাই:সম্প্ৰতি কৰ'ণাৰ হটস্পটত পৰিণত হৈছে নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ। মংগলবাৰ জিলাখনৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ ৪৮ জনকৈ কয়দীৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ ইয়াৰ পূৰ্বে জিলাখনৰ এগৰাকী চিকিৎসক সহ 6জনকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছিল ৷

কৰ'ণাৰ হটস্পটত পৰিণত নগাওঁ কেন্দ্ৰীয় কাৰাগাৰ

নগাঁৱত ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে কৰ'ণাৰ পৰীক্ষা আৰম্ভ কৰাৰ লগে-লগে পোহৰলৈ আহিছে কৰ'ণা আক্ৰান্তৰ ভয়াৱহ তথ্য। জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । কেন্দ্ৰীয় কাৰাগাৰতে এই পৰ্যন্ত আক্ৰান্ত হৈছে মুঠ ৫৩ জনকৈ কয়দী । আক্ৰান্ত আটাইকেইজন কয়দীক নিৰাপত্তাজনিত কাৰণত চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে কেন্দ্ৰীয় কাৰাগাৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে জিলাখনত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 1,059 গৰাকীলৈ বৃদ্ধি পাইছে ৷

অন্য এক খবৰৰ বাবে: আনলকৰ দিশে আগবাঢ়িছে যোৰহাট জিলা

ABOUT THE AUTHOR

...view details