অসম

assam

ETV Bharat / state

গেৰেজতে জ্বলিল নগাঁৱৰ হিমাংশু বৰ্মনৰ বাহন - হিমাংশু বৰ্মনৰ বাহন

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মিমিক্ৰী কৰি জনপ্ৰিয় হৈ পৰা নগাঁৱৰ হিমাংশু বৰ্মনৰ বাহন অগ্নিদগ্ধ । হিমাংশু বৰ্মনে নিজ ঘৰৰ গেৰেজতে ৰাখিছিল বাহনখন । বৃহস্পতিবাৰে পুৱা হঠাতে ইণ্ডিগ' চি এছ বাহনখন জ্বলি উঠে ।

নগাঁৱৰ হিমাংশু বৰ্মনৰ বাহন অগ্নিদগ্ধ
নগাঁৱৰ হিমাংশু বৰ্মনৰ বাহন অগ্নিদগ্ধ

By

Published : Mar 4, 2021, 4:16 PM IST

নগাঁও, ৪ মাৰ্চ: কালান্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকক হাঁহিৰ খোৰাক যোগাই অহা নগাঁৱৰ হিমাংশু বৰ্মনৰ ঘৰত অঘটন । বৃহস্পতিবাৰে পুৱা তেওঁৰ ইণ্ডিগ' চি এছ বাহনখন অকস্মাতে জ্বলি যায় । ঘৰৰ গেৰেজত ৰাখি থোৱা হৈছিল বাহনখন ।

কিন্ত পুৱা হঠাতে বাহনখনত জুই লগাত হুৱা-দুৱা লাগে পৰিয়ালটোৰ মাজত । লগে লগে স্থানীয় লোকে জুই নুমুওৱাৰ চেষ্টা চলায় । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

নগাঁৱৰ হিমাংশু বৰ্মনৰ বাহন অগ্নিদগ্ধ

আনহাতে, চাৰিচকীয়া বাহনখনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই । কাৰিকৰী বিজুতিৰ ফলতে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে হিমাংশু বৰ্মনৰ পৰিয়ালৰ লোকে ।


লগতে পঢ়ক:নগাঁৱৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ত চুৰিকাণ্ড

ABOUT THE AUTHOR

...view details