নগাঁও,11 জানুৱাৰীঃঅৱশেষত শুকুৰবাৰে সমগ্ৰ দেশতে বলৱৎ কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন 2019 ৷ দেশজুৰি চলি থকা প্ৰতিবাদক আওকাণ কৰি 10 জানুৱাৰীত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে মাজনিশা নগাঁও চহৰৰ বিভিন্ন স্থানত ক’লা পতাকা উত্তোলন কৰাৰ পিছতে শনিবাৰে পুৱা নগাঁৱৰ নতুন বজাৰৰ পৰা হাতে হাতে ক’লা পতাকা লৈ সমদল কৰে পৰিষদৰ সদস্যসকলে ৷ কিন্তু প্ৰতিবাদী সমদলটো কিছুদূৰ আগবঢ়াৰ পিছতেই বাধা প্ৰদান কৰে আৰক্ষীৰ লোকে ৷ টানি চোঁচৰাই নি প্ৰায় 20 গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷ যাৰ ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনহাতে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদৰ ওপৰত চৰকাৰে দমন নীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷
নগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
শুকুৰবাৰে মাজনিশা নগাঁও চহৰৰ বিভিন্ন স্থানত ক’লা পতাকা উত্তোলন কৰাৰ পিছতে শনিবাৰে পুৱা নগাঁৱৰ নতুন বজাৰৰ পৰা হাতে হাতে ক’লা পতাকা লৈ সমদল পৰিষদৰ সদস্যসকলৰ ৷ প্ৰতিবাদী সমদলটো কিছুদূৰ আগবঢ়াৰ পিছতেই বাধা প্ৰদান কৰে আৰক্ষীৰ লোকে ৷ টানি চোঁচৰাই নি প্ৰায় 20গৰাকীকৈ প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে ৷
নগাঁৱত টানি চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক