অসম

assam

ETV Bharat / state

নগাঁৱৰ কলঙৰ বাকৰিত আৰম্ভ গ্ৰন্থমেলাৰ

ভাষাৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে কিতাপ পঢ়ক। স্মৃতি শক্তি ৰক্ষাৰো মূল উপায় কিতাপ পঢ়া । নগাঁও গ্ৰন্থ মেলা উদ্বোধন কৰি মন্তব্য বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ।

NAGAON BOOK FAIR
নগাঁৱৰ কলঙৰ বাকৰিত আৰম্ভ গ্ৰন্থমেলাৰ

By

Published : Dec 17, 2019, 11:37 PM IST

গুৱাহাটী,17 ডিচেম্বৰঃ অসমীয়া ভাষাৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে গঢ়ি তোলক কিতাপ পঢ়াৰ অভ্যাস। মঙলবাৰে নগাঁও গ্ৰন্থমেলাৰ উদ্বোধন কৰি এই আহ্বান সাহিত্যিক হোমেন বৰগোহাঁঞিৰ । নিজৰ ভাষা,জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সমগ্ৰ অসমজুৰি তীব্ৰ আন্দোলন অব্যাহত থকাৰ সময়তে কলঙৰ বাকৰি নেহেৰুবালীত মঙলবাৰৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় নগাঁও গ্ৰন্থমেলা । গ্ৰন্থমেলা উদ্বোধন কৰি নিজৰ ভাষণত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁঞিয়ে ভাষাৰ ভৱিষ্যত নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকাত জনজাগৰণ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি ভাষাৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে সকলোকে কিতাপ পঢ়িবলৈ আহ্বান জনায় ৷ তেওঁ লগতে পুষ্টিকৰ খাদ্য আৰু শাৰীৰিক ব্যায়ামে যিদৰে বাৰ্ধক্য নিয়ন্ত্ৰণ কৰে একেদৰে স্মৃতি শক্তি ৰক্ষাৰ বাবে কিতাপ পঢ়িব লাগে বুলিও মন্তব্য কৰে ৷ সাংস্কৃতিক অনুষ্ঠান কল্লোল আৰু জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হোৱা নগাঁও গ্ৰন্থমেলাত সকলোৰে সহযোগিতা কামনা কৰে গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি আৰু নৌচাদ আখতাৰ হাজৰিকাই।

নগাঁৱৰ কলঙৰ বাকৰিত আৰম্ভ গ্ৰন্থমেলাৰ

ABOUT THE AUTHOR

...view details