বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ এশ শতাংশই লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ
বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা চাৰিগৰাকী ছাত্ৰ ছাত্ৰীয়েই গণিত বিষয়ত লেটাৰসহ উত্তীৰ্ণ হয় প্ৰথম বিভাগত।
নগাঁও, 6 জুন :শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ এশ শতাংশই উত্তীৰ্ণ হৈছে লেটাৰসহ প্ৰথম বিভাগত। বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা চাৰিগৰাকী ছাত্ৰ ছাত্ৰীয়েই গণিত বিষয়ত লেটাৰসহ উত্তীৰ্ণ হয় প্ৰথম বিভাগত। মৰিগাঁৱৰ কমল হাজৰিকা,তেজপুৰৰ তালিবুল ইছলাম,নলবাৰীৰ চম্পক নাথ আৰু মৰিগাঁৱৰ অনামিকা বৰদলৈৰ সফলতাত উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক,শিক্ষয়িত্ৰী । ব্ৰেইলী পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰি সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে উৎসৱমুখৰ হৈ পৰিছে সমগ্ৰ বিদ্যালয় ৷
TAGGED:
Blind school result