নগাঁও,২৭ ফেব্ৰুৱাৰীঃ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাই নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা নগাওঁ, কলিয়াবৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী - নগাঁৱত বিজেপিৰ বিশেষ সাংগঠনিক সভা
কংগ্ৰেছক সমালোচনাৰে থকা সৰকা সোণোৱালৰ
![নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2563666-1059-385046e6-23b3-4f30-9b56-8ccda01a69a7.jpg)
সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীক। তাৰোপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰি কয় যে, ভাৰতীয় গণতন্ত্ৰত কালিমা সানি কলংকিত অধ্যায় ৰচনা কৰা কংগ্ৰেছ, ভাৰতৰ প্ৰতিজন লোকৰ মনৰ পৰা আঁতৰি গৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হবলৈ বেছি বাকী নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত হোৱা বিজেপিৰ বিশেষ সাংগঠনিক সভাত দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক সুৰেশ পূজাৰী, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী পিয়ুষ হাজৰিকা, পল্লৱ লোচন দাস, বিধায়ক ৰূপক শৰ্মা, বিধায়িকা আঙুৰলতা ডেকা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল দাস, বিধায়ক ডিম্বেশ্বৰ দাস উপস্থিত থাকে।