অসম

assam

ETV Bharat / state

দৰিদ্ৰতাক নেউচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আল আমিনৰ সফলতা - etv bharat assam

দৰিদ্ৰতা কেতিয়াও সফলতাত হেঙাৰ হ'ব নোৱাৰে । সেই কথা প্ৰমাণ কৰিলে নগাঁৱৰ ৰাঙলু চেংমৰাৰ আল আমিন ইছলামে । দৰিদ্ৰতাই জুৰুলা পাচতো ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন মাৰ্ক লাভ কৰি অঞ্চলবাসীৰ বাবে আদৰ্শ হ'ল আল আমিন ।

আল আমিনৰ সফলতা

By

Published : May 16, 2019, 2:38 PM IST

নগাঁও, 16 মে': ইচ্ছা শক্তি প্ৰৱল হ'লে দৰিদ্ৰতা কেতিয়াও সফলতাৰ অন্তৰায় হ'ব নোৱাৰে । সেই কথাকেই প্ৰমাণ কৰি দেখুৱালে নগাঁও ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আল আমিন ইছলামে । দৰিদ্ৰতাৰ সৈতে যুঁজ কৰিও আল আমিনে আজুৰি আনিবলৈ সক্ষম হ'ল সফলতা । আল আমিনৰ পিতৃ এজন মানসিক বিকাৰগ্ৰস্ত লোক । মাতৃয়ে দিন হাজিৰা কৰি অতি কষ্ট কৰি পঢ়াইছিল পুত্ৰক । অৱশেষত দৰিদ্ৰতাক নেওচি আল আমিন লাভ কৰিলে সফলতা । ৮৮.৩ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰা আল আমিনৰ সপোন বিজ্ঞান শাখাত অধ্যয়ণ কৰি এজন চিকিৎসক হোৱাৰ । কিন্তু দৰিদ্ৰতাই কোঙা কৰা আল আমিন চিন্তিত হৈ পৰিছে আৰ্থিক অনাতনৰ বাবে । আল আমিনে আশা চৰকাৰ আৰু ৰাইজে অকণমান সহায়ৰ হাত আগবঢ়ালে সপোন বাস্তৱত পৰিণত হ'ব মেধাবী ছাত্ৰজনৰ । যাৰ বাবে মাতৃয়েও পুত্ৰৰ সপোন বাস্তৱায়িত কৰিবলৈ চৰকাৰৰ ওচৰত সহায় ভিক্ষা খুজিলে ৷

ABOUT THE AUTHOR

...view details