অসম

assam

ETV Bharat / state

পৰম্পৰা ৰক্ষা কৰি বঢ়মপুৰত অনুষ্ঠিত হ’ল ম'হযুজঁ

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত হ'ল ম'হযুজঁ । বঢ়মপু্ৰৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ দিনটোতে গাঁৱৰ ৰাইজে উলহ-মালহেৰে উদযাপন কৰিলে ম’হযুঁজ ৷

as_ngn_barhampur-buffalo-fight_vis_7203829
পৰম্পৰা ৰক্ষা কৰি বঢ়মপুৰত অনুষ্ঠিত হ’ল ম'হযুজঁ

By

Published : Jan 14, 2021, 7:18 PM IST

Updated : Jan 14, 2021, 9:35 PM IST

নগাঁও,14 জানুৱাৰী:ন্যায়ালয়ৰ বাধা স্বত্বেও পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত হ'ল ম'হযুজঁ । বঢ়মপু্ৰৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ দিনটোতে গাঁৱৰ ৰাইজে উলহ-মালহেৰে উদযাপন কৰিলে ম’হযুঁজ ৷ বঢ়মপুৰ গোমোঠা গাঁৱত প্ৰায় ৪২ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি অহা হৈছে । ম’হযঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে যদিও জন বিশ্বাস অনুসৰি মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰা হয় ৷ এই ঐতিহাসিক ম'হৰ যুঁজত ২৫ যোৰা ম'হৰ গৰাকীয়ে অংশগ্ৰহণ কৰে ।

পৰম্পৰা ৰক্ষা কৰি বঢ়মপুৰত অনুষ্ঠিত হ’ল ম'হযুজঁ

উল্লেখ্য যে, বিভিন্ন সময়ত এই ম’হযুজৰ ক্ষেত্ৰত বিভিন্ন দল সংগঠন আৰু প্ৰকৃতিপ্ৰেমীয়ে তীব্ৰ বিৰোধীতা কৰি আহিছে ৷ কিন্তু ইয়াৰ মাজতো ঠায়ে ঠায়ে পৰম্পৰা ৰক্ষা কৰি এতিয়াও অনুষ্ঠিত হৈ আহিছে ম’হযুঁজ ৷

লগতে পঢ়ক-দক্ষিণ কামৰূপৰ সৰপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনাত আহত যাত্ৰী

Last Updated : Jan 14, 2021, 9:35 PM IST

ABOUT THE AUTHOR

...view details