অসম

assam

By

Published : Dec 4, 2020, 7:55 PM IST

ETV Bharat / state

চ'চিয়েল মিডিয়াত অধিবক্তাৰ আপত্তিজনক মন্তব্যঃ বহিস্কাৰ কৰিলে নগাঁও উকীল সন্থাই

নগাঁৱৰ এগৰাকী অধিবক্তাক উকীল সন্থাৰ পৰা বহিস্কাৰ কৰা হয় । চ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ বাবে বহিস্কাৰ কৰে অধিবক্তা গৰাকীক ৷

nagaon-bar-association-press-meet
চ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত নগাঁও উকীল সন্থাৰ পৰা বহিস্কাৰ অধিবক্তাক

নগাঁও, 4 ডিচেম্বৰ :নগাঁও জিলাৰ এগৰাকী অধিবক্তাক উকীল সন্থাৰ পৰা বহিস্কাৰ কৰা হয় । সংবাদমেলযোগে নগাঁও জিলাৰ উকীল সন্থাই সদৰি কৰিলে এই কথা ৷

অভিযোগ অনুসৰি, ইনামূল হুদা নামৰ অধিবক্তা গৰাকীয়ে 6 মাহ পূৰ্বে চ'চিয়েল মিডিয়াত কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল ৷ । এই অভিযোগতে অধিবক্তা ইনামূল হুদাক প্ৰথমে 6 মাহৰ বাবে নিলম্বিত কৰাৰ পিচত বিষয়টোৰ অনুসন্ধানৰ ভিত্তিত নগাঁও উকীল সন্থাৰ কাৰ্যকৰী সভাৰ সিদ্ধান্ত মৰ্মে অধিবক্তা গৰাকীক উকীল সন্থাৰ সদস্য পদৰ পৰা বহিস্কাৰ কৰে ।

উকীল সন্থাৰ সভাপতিৰ মন্তব্য

ইফালে, অধিবক্তা ইনামূল হুদাই নগাঁও উকীল সন্থাৰ বিৰুদ্ধে আদালতত দুটাকৈ গোচৰ তৰাৰ কথাও সদৰী কৰে নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খণ্ডকাৰে ।

লগতে পঢ়ক :চন্দন ব্ৰহ্মৰ মতে বিটিচিত হিমন্ত বিশ্বই আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ ৰাজনীতি

ABOUT THE AUTHOR

...view details