নগাঁও,২৮ এপ্ৰিলঃ নগাঁৱত এ পি ডি চি এল পৰীক্ষাকেন্দ্ৰত পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফটো তোলাৰ পাছতে উত্তপ্ত পৰিস্থতিৰ সৃষ্টি । নগাঁও বাঙালী বালিকা হাইস্কুলত দেওবাৰে পৰীক্ষা চলি থকাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰীক্ষা চলি থকাৰ সময়তে নন্দন ৰয় নামৰ এজন শিক্ষকে মোবাইলত এগৰাকী ছাত্ৰৰ প্ৰশ্ন কাকতৰ ফটো লোৱাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি ।
প্ৰশ্নকাকতৰ ফটো তোলাকলৈ নগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থতি - নগাঁও
নগাঁৱত এ পি ডি চি এল পৰীক্ষাকেন্দ্ৰত এজন শিক্ষকে মোবাইলত প্ৰশ্নকাকতৰ ফটো তোলাৰ পাছতে উত্তপ্ত পৰিস্থতিৰ সৃষ্টি । অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগ উত্থাপিত শিক্ষকজনক ।

নগাঁৱত ফাদিল এ পি ডি চি এল পৰীক্ষাৰ প্ৰশ্নকাকত
এ পি ডি চি এল প্ৰশ্নকাকতৰ ফটো তোলাকলৈ নগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থতিৰ সৃষ্টি
ক্ৰমান্বয়ে পৰিৱেশ বেয়ালৈ ঢাল খোৱাত নগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে প্ৰশ্নকাকতৰ ফটো তোলা শিক্ষকজনক । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।