অসম

assam

By

Published : Jan 5, 2021, 3:00 PM IST

Updated : Jan 5, 2021, 3:16 PM IST

ETV Bharat / state

সোণোৱাল চৰকাৰে আদায় দিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল

সোণোৱাল চৰকাৰে আদায় কৰিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল। বিপাঙত এতিয়া শক্তি বিতৰণ কেন্দ্ৰ। নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ শক্তি আৰু বিতৰণ কোম্পানীৰ।

nagaon apdcl_press_meet
সোণোৱাল চৰকাৰে আদায় দিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল

নগাঁও, 5 জানুৱাৰী :চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুৎ বিলক লৈ এতিয়া বিপাঙত শক্তি বিতৰণ কোম্পানী। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালৰ অন্তিম সময়ত পোহৰলৈ আহিছে চৰকাৰখনৰ বিত্তীয় সংকটৰ ভয়ংকৰ তথ্য। নগাঁৱৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয়ৰ বিদ্যুৎ বিল আদায় কৰিব পৰা নাই চৰকাৰে। মঙলবাৰে নগাঁৱৰ শক্তি বিতৰণ কোম্পানীৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এই তথ্য ফাদিল কৰিলে শক্তি বিতৰণ কোম্পানী কৰ্তৃপক্ষই ৷

সোণোৱাল চৰকাৰে আদায় দিব পৰা নাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল

সংবাদমেলত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াই উত্থাপন কৰা অভিযোগ অনুসৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ দহ লাখ টকাৰো অধিক বিল অনাদায় হৈ আছে। একেদৰে নগাঁও আৱৰ্ত ভৱন আৰু জিলা উপায়ুক্তৰ চৰকাৰী আবাসগৃহৰ বিদ্যুৎ বিল অনাদায় হৈ আছে ৭ লাখৰো অধিক টকা । নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফ কেম্পৰ ১১ লাখ,বন বিভাগৰ কাৰ্যালয়ৰ ১২ লাখৰো অধিক বিল আদায় দিয়া নাই চৰকাৰে। একেদৰে অবিভক্ত নগাঁও জিলাৰ বৃহৎ পৰিমাণৰ ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিগত কেইবাবছৰ ধৰি বিদ্যুৎ বিল আদায় দিয়া নাই চৰকাৰে।
লগতে পঢ়ক:ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প’ষ্টাৰ ফালিলে দুৰ্বৃত্তই

Last Updated : Jan 5, 2021, 3:16 PM IST

ABOUT THE AUTHOR

...view details