অসম

assam

By

Published : Jun 4, 2021, 2:31 PM IST

Updated : Jun 4, 2021, 3:40 PM IST

ETV Bharat / state

লংকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ দাবী নগাঁও AJYCP ৰ

গতিকে ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগত ঘটা এই ঘটনাই যাতে শেষ ঘটনা হয়, তাৰ বাবে ফাষ্টট্ৰেক আদালতত আটাইকেইজন দোষীৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে বুলি দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ এগৰাকী চিকিৎসকক এনেদৰে আক্ৰমণ কৰা জঘণ্য কাণ্ডই সমগ্ৰ অসমকেই বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে বুলি মত প্ৰকাশ কৰিছে সংগঠনটোৰ নেতাই ৷

nagaon-ajycp-sent-memorandum-to-cm-seeking-quick-justice-of-lanka-doctor-incident
লংকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালত কৰাৰ দাবী নগাঁও AJYCP ৰ

নগাঁও,4 জুন:শেহতীয়াকৈ লংকাৰ ফুলতলি মডেল হাস্পতালৰ ক'ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হোৱা চিকিৎসক আক্ৰমণৰ বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ লগতে ক'ভিড-19 ৰ অতিমাৰীৰ সময়ত সমাজৰ ত্ৰাণকৰ্তা ৰূপে বিবেচিত হোৱা এগৰাকী চিকিৎসকক এনেদৰে আক্ৰমণ কৰা জঘণ্য কাণ্ডই সমগ্ৰ অসমকেই বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে বুলি মত প্ৰকাশ কৰিছে পৰিষদৰ সদস্য সকলে ৷

এই বৰ্বৰ কাণ্ডত জড়িত থকা দোষী সকলক কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে চিকিৎসা বৃত্তিত জড়িত সকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ লগতে এই সন্দৰ্ভত এক ফলপ্ৰসূ পদক্ষেপ লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নগাঁও জিলা উপায়ুক্তৰ জড়িয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে AJYCP জিলা সমিতিৰ সভাপতি দিপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ৷

স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছত নেতা দুগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে," এনেকুৱা ঘটনা চেগাচোৰোকাকৈ সমাজত ঘটি থাকে ৷ কিন্তু দোষীয়ে আইন আদালতৰ সুৰুঙাৰে সাৰি যায় ৷ ফলশ্ৰুতিত পুনৰ এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰিবলৈ দুৰ্বৃত্তই কুণ্ঠাবোধ নকৰে ৷ গতিকে ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগত ঘটা এই ঘটনাই যাতে শেষ ঘটনা হয় তাৰ বাবে ফাষ্টট্ৰেক আদালতত আটাইকেইজন দোষীৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে "৷

ইয়াৰ লগতে এইক্ষেত্ৰত হোজাই জিলাৰ আৰক্ষী প্ৰশাসনে যাৱতীয় কামখিনি অতিশীঘ্ৰে কৰি আদালতত জমা দিব লাগে বুলি দাবী উত্থাপন কৰে দুয়োগৰাকী নেতাই ৷ এই ঘটনা সন্দৰ্ভত কাৰ্যকৰী পদক্ষেপ লোৱাৰ নিমিত্তে স্মাৰকপত্ৰখনৰ প্ৰতিলিপি অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈও প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ মূহুৰ্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ উপ-সভাপতি ভাষ্কৰজ্যোতি ভাগৱতী আৰু সাংগঠনিক সম্পাদক প্ৰবাল শৰ্মাও উপস্থিত থাকে ৷

লগতে পঢ়কঃলখিমপুৰত মুকলিৰ পূৰ্বেই জহি-খহি গৈছে বি আৰ আম্বেদকাৰ ভৱন

Last Updated : Jun 4, 2021, 3:40 PM IST

ABOUT THE AUTHOR

...view details