নগাঁও, 22 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যুজুৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দেশৰ উচ্চতম ন্যায়ালয়ে এই আইনখনৰ স্থগিতাদেশ সন্দৰ্ভত ধার্য কৰিছে পৰৱৰ্তী দিন। তাৰ মাজতে নগাঁৱত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ। প্ৰতিবাদকাৰীসকলে কা' বিৰোধী ধ্বনিৰে নগাঁৱৰ ৰাজপথত সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। হাতত ক'লা পতাকা লৈ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা দিয়ে প্ৰতিবাদকাৰীসকলক । ইয়াৰ মাজতেই এই জাতিধ্বংসী আইন বাতিল নকৰিলে অইন অমান্য আন্দোলনৰ হুুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
নগাঁৱত AJYCPৰ উত্তাল প্ৰতিবাদ - নগাঁৱত প্ৰতিবাদ
নগাওঁ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। ক'লা পতাকা প্ৰদৰ্শন কৰি কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ । আইন অমান্য আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ । উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই আটক পঞ্চাছজনৰো অধিক প্ৰতিবাদকাৰী ।
![নগাঁৱত AJYCPৰ উত্তাল প্ৰতিবাদ AJYCP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5800365-204-5800365-1579700663227.jpg)
নগাঁৱত AJYCPৰ উত্তাল প্ৰতিবাদ
Last Updated : Jan 23, 2020, 11:20 PM IST