জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী
নগাওঁ গড়কাপ্তানী বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ৷ বিভাগটোৰ অভিযুক্ত বিষয়া কৰ্মচাৰীৰ লগতে পথ নিমাৰ্ণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী সংগঠনৰ
![জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4396219-thumbnail-3x2-ajycp-protest.jpg)
নগাঁও, 10 ছেপ্তেম্বৰ : নগাওঁ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী । প্ৰতিবাদত উত্তাল গড়কাপ্তানী বিভাগৰ কাৰ্যালয় । ইয়াৰ পূৰ্বে নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে তথ্য বিচাৰিছিল কাৰ্যালয়টোৰ পৰা । গড়কাপ্তানী বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা,কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে তথ্য বিচাৰি যোৱা সংগঠনটোৰ নেতা কৰ্মীক অপদস্থ কৰাৰ লগতে গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন সংগঠনটোৰ । উক্ত অভিযোগৰ ভিত্তিত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত মঙলবাৰে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বিক্ষোভ কাৰ্যসূচীত বিভাগটোৰ অভিযুক্ত বিষয়া কৰ্মচাৰীৰ লগতে অভিযুক্ত ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷