নগাঁও,24 মাৰ্চ:বিজেপিৰ কেন্দ্ৰীয় নেতা জে পি নাড্ডাৰ মন্তব্যই কপাইছে ৰাজ্য ৷ মঙলবাৰে গুৱাহাটীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সভাত জে পি নাড্ডাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 'কা' আইন বলৱৎ কৰাৰ কথা সদম্ভে ঘোষণা কৰাৰ পাচতে ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে ৷ পুনৰ 'কা' বিৰোধী আন্দোলন গঢ়ি উঠাৰ কুচ-কাৱাজ চলিছে ৰাজ্যত ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও ছাত্ৰ সন্থাৰ প্ৰতিবাদ
মঙলবাৰে গুৱাহাটীত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ সভাত জে পি নাড্ডাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 'কা' বলৱৎ কৰাৰ কথা সদম্ভে ঘোষণা কৰাৰ পাচতে ক্ষোভৰ জুই জ্বলিছে সৰ্বত্ৰে ৷ পুনৰ 'কা' বিৰোধী আন্দোলন গঢ়ি উঠাৰ কুচ-কাৱাজ চলিছে ৰাজ্যত ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও ছাত্ৰ সন্থাৰ প্ৰতিবাদ
আন আন প্ৰান্তৰ লগতে বুধবাৰে নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কোনো কাৰণতে 'কা' বলৱৎ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক:৮ এপ্ৰিলত অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন