নগাঁও, 7 নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণক ৷ ইয়াৰ মাজতে মূল্যবৃদ্ধি ৰোধ কৰাৰ বিপৰীতে শাসকীয় দলৰ একাংশ নেতাৰ টুলুঙা মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷ ডিঙিত আলু পিয়াঁজৰ মালা পৰিধান কৰি, কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত আছুৰ ব্যতিক্ৰমী প্ৰতিবাদ - ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি
ডিঙিত আলু পিয়াঁজৰ মালা পৰিধান কৰি, কাঁহী বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷
উল্লেখ্য যে, মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰবেশদ্বাৰত উপস্থিত হয় ছাত্ৰ সন্থাৰ সদস্য সকল ৷ ডিঙিত আলু পিয়াঁজৰ মালা পৰিধান কৰাৰ লগতে হাতত লাও লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে ছাত্ৰ সন্থাৰ সদস্যই ৷ প্ৰতিবাদস্থলীৰ পৰাই যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে শাসকীয় বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে ৷
লগতে পঢ়কঃৰাজ্যত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি