অসম

assam

By

Published : Aug 14, 2020, 4:20 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক আছুৰ বহিষ্কৃত নেতা আখ্যা নগাঁও আছু নেতৃত্বৰ

৩৫ বছৰে অসম চুক্তিৰ সফল ৰূপায়ণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই। বৰ্তমানৰ চৰকাৰখনে কেৱল হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ বিজেপি চৰকাৰৰ লগতে বিগত সময়ৰ কংগ্ৰেছৰ চৰকাৰকো সমালোচনা কৰাৰ উপৰিও আঞ্চলিকতাবাদৰ নামত দুবাৰকৈ শাসনৰ গাদী দখল কৰা অগপ চৰকাৰকো বিশ্বাসঘাটক আখ্যা দিয়ে ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷

Nagaon AASU
নগাঁও আছু

নগাঁও,14 আগষ্টঃ অসম চুক্তিক হত্যা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসমীয়া জাতিক ক্ষতি কৰিব বিচাৰিছে বিজেপি চৰকাৰে। কৰ'ণা আতংকৰ মাজতো নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাই। শুকুৰবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই । ছাত্ৰ সন্থাৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ লগতে কা বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰে।

হিমন্ত বিশ্ব শৰ্মাক আছুৰ বহিষ্কৃত নেতা আখ্যা নগাঁও আছু নেতৃত্বৰ

লগতে পঢ়কঃকন্যাশ্ৰী যোজনাৰ দ্বাৰা 67 লাখ ছোৱালী উপকৃত হৈছেঃ মমতা বেনাৰ্জী

বিগত ৩৫ বছৰে অসম চুক্তিৰ সফল ৰূপায়ণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই। বৰ্তমানৰ চৰকাৰখনে কেৱল হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ বিজেপি চৰকাৰৰ লগতে বিগত সময়ৰ কংগ্ৰেছৰ চৰকাৰকো সমালোচনা কৰাৰ উপৰিও আঞ্চলিকতাবাদৰ নামত দুবাৰকৈ শাসনৰ গাদী দখল কৰা অগপ চৰকাৰকো বিশ্বাসঘাটক আখ্যা দিয়ে ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে ৷

অসম চুক্তিৰ লগতে অসমীয়াৰ আৱেগ অনুভূতিক হত্যা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচাৰিছে বুলি আছু নেতৃত্বই কটাক্ষ কৰে চৰকাৰক। লগতে 10 বছৰকাল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হৈ থাকিও অসম চুক্তি স্বাক্ষৰিত কৰিব পৰা নাই বুলিও হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক অমৰজ্যোতি ফুকনে। লগতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছুৰ বহিষ্কৃত নেতা বুলিও অভিহিত কৰে ছাত্ৰ সন্থাৰ নেতা অমৰজ্যোতি ফুকনে।

ABOUT THE AUTHOR

...view details