অসম

assam

ETV Bharat / state

AASU Annual Meeting at Kaliabor: মাধ্যমত চৰকাৰে হাত দিব নালাগে, ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই - Samujjal Kumar Bhattacharya on Assam Acord

মাতৃভাষা মাধ্যমক চৰকাৰে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ (Samujjal Kumar Bhattacharya criticised govt)। তেওঁ পুনৰ কয় যে মাতৃভাষা মাধ্যমত প্ৰাক প্ৰাথমিক শ্ৰেণী খুলিব লাগে । চৰকাৰে মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজী ভাষা শিকাওক ।

AASU Annual Meeting at Kaliabor
মাধ্যমত চৰকাৰে হাত দিব নালাগে:সমুজ্জ্বল

By

Published : Nov 10, 2022, 8:02 PM IST

কলিয়াবৰ, ১০ নৱেম্বৰ:কলিয়াবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নগাঁও জিলা ছাত্ৰ সন্থাৰ ২৪ সংখ‍্যক অধিৱেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে (Annual Conference of Nagaon AASU in Kaliabor)। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা (Kaliabor Central Students Union) আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত অধিৱেশনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

উক্ত অধিবেশনত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৮০০০ শিক্ষকৰ পদ বিলুপ্তকৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (AASU on Abolition of teachers post)। তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয় ৰাজ্যত আৰম্ভ আৰু দুটা বিষয় ইংৰাজী মাধ্যমত ছাত্ৰ-ছাত্ৰীয়ে পাঠ গ্ৰহণ বাধ্যতামূলক কৰা বিষয়টোত তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে মাতৃভাষা মাধ্যমক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে (Samujjal Kumar Bhattacharya criticised govt)। ৰজাঘৰে মাক-দেউতাকক গালি পাৰিবলৈ আৰম্ভ কৰিছে ।

তেওঁ পুনৰ কয় যে মাতৃভাষা মাধ্যমত প্ৰাক প্ৰাথমিক শ্ৰেণী খুলিব লাগে । চৰকাৰে মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজী ভাষা শিকাওক । অসমত চৰকাৰীখণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব লাগে । তেওঁ কয় যে মাধ্যমত চৰকাৰে হাত দিব নালাগে । চৰকাৰে দ্বিভাষিক পাঠ্যপুথি প্ৰণয়নহে কৰিব লাগে ।

মাধ্যমত চৰকাৰে হাত দিব নালাগে:সমুজ্জ্বল

মুখ্য উপদেষ্টাগৰাকীয়ে 'কা' আৰু অসম চুক্তি ৪৭ বছৰে ৰূপায়ণ নকৰা বিষয়টো জাতি ,অৰ্থনীতি তথা ৰাজ্যৰ বাবে ক্ষতিকাৰক বুলি কয় (Samujjal Kumar Bhattacharya on Assam Acord) । তেওঁ পুনৰ কয় যে অসমত জৈৱ-বৈচিত্ৰতাৰ গৱেষণা প্ৰতিষ্ঠান, কলিয়াবৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নীত কৰিব লাগে । তেওঁ কলিয়াবৰত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব লাগে বুলিও দাবী জনায় । মুখ্য উপদেষ্টাগৰাকীয়ে অসম চুক্তি সন্দৰ্ভত কয় যে ইয়াৰ মূল বিষয় সমাধান হোৱা নাই ।

একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথেও অসমীয়া মাধ্যমৰ একাংশ বিদ্যালয় বন্ধ কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত হঠকাৰী বুলি উল্লেখ কৰে (AASU president griticised govt) । তদুপৰি তেওঁ বৃহৎ নদীবান্ধ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নদীবান্ধৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাই কৰি যাব বুলি হুংকাৰ দিয়ে। তেওঁ কয় যে কলিয়াবৰ,নগাঁৱৰ আছে সংগ্ৰামী ইতিহাস ।

তেওঁ সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথত আন্দোলন কৰাই নহয় আদালতৰ মজিয়াও গৰকিছে অধিকাৰ সাব্যস্ত কৰা বুলি উল্লেখ কৰি কয় যে ১৩ টা গোচৰত ন্যায়ালয়ত যুঁজ সদৌ অসম ছাত্ৰ সন্থাৰ । জাতীয় জীৱনৰ প্ৰতিটো বিষয়ত মাত মাতি আহিছে । ইপিনে,আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত শক্তিশালী স্থান লাভ কৰিছে সদৌ নগাঁও জিলা ছাত্ৰসন্থাই ।

লগতে পঢ়ক:Farmers Day at Agricultural Research Station: ধানখেতি বৰ্তমান লাভজনক ব্যৱসায়লৈ পৰিবৰ্তনৰ দিশে আগবাঢ়িছে: বিদ্যুৎ চন্দন ডেকা

ABOUT THE AUTHOR

...view details