অসম

assam

By

Published : Jun 10, 2020, 8:34 PM IST

Updated : Jun 10, 2020, 11:04 PM IST

ETV Bharat / state

কৃষি বিপ্লৱ সৃষ্টিৰে থলুৱা বজাৰ দখলৰ লক্ষ্য নগাঁও জিলা ছাত্ৰ সন্থাৰ

লক ডাউনৰ ফলত দেশ তথা ৰাজ্যত বহু নেতিবাচক প্ৰভাৱ পৰিছে যদিও তাৰ মাজতে বহু ইতিবাচক প্ৰভাৱো পৰিছে বিভিন্ন ক্ষেত্ৰত । কৰ্মহীন হৈ পৰা বহু যুৱক-যুৱতীয়ে আৰম্ভ কৰিছে অৰ্থনৈতিক বিপ্লৱ । পদপথত পাচলি বিক্ৰী কৰি বহু মহিলায়ে চলাই গৈছে জীৱন সংগ্ৰাম । এনে সময়তে নগাঁও জিলা ছাত্ৰ সন্থাই আৰম্ভ কৰিছে ব্যতিক্ৰমী এক আন্দোলন । কিন্তু কি এই আন্দোলন চাওক আমাৰ এই বিশেষ প্ৰতিবেদন-

Nagaon aasu aims to capture local market by incresing agro cultural activity nagaon assam etv bharat news
নগাঁও জিলা ছাত্ৰ সন্থা

নগাঁও,10 জুন: প্ৰত্যেকেই দেখিছে সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন ৷ কেতিয়াবা যদি ৰাজপথত,কেতিয়াবা আকৌ ব্যস্ত অনশনত ৷ কিন্তু এইবাৰ এক ব্যতিক্ৰমী আন্দোলন আৰম্ভ কৰিছে নগাঁও জিলা ছাত্ৰ সন্থাই । এই আন্দোলন থলুৱা বজাৰ দখলৰ আন্দোলন ৷ ইতিবাচক তথা ব্যতিক্ৰমী পদক্ষেপেৰে আত্মপ্ৰকাশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা শাখাই ৷ এফালে পথাৰ,আনফালে বজাৰ দখল কৰিবলৈ তৎপৰ এই আন্দোলনৰ গুৰি ধৰিছে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সম্পাদক অমৰজ্যোতি ফুকনে ।

কৃষি বিপ্লৱ সৃষ্টিৰে থলুৱা বজাৰ দখলৰ লক্ষ্য নগাঁও জিলা ছাত্ৰ সন্থাৰ

জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত বজাৰ আৰম্ভ কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সন্থাই ৷ ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে বজাৰগৃহৰ । বজাৰখনত থাকিব জৈৱিক পদ্ধতিৰে উৎপাদিত শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ, মাংস,কণী পৰ্যন্ত সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ৷ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এনে পদক্ষেপৰ প্ৰথম খোজ হিচাপে সন্থাই আৰম্ভ কৰিবলগীয়া বজাৰত থাকিব জিলাখনৰ ১৬ খন আঞ্চলিকৰ ১৬ খন দোকান । বজাৰত বিক্ৰীৰ বাবে জিলাখনৰ আঞ্চলিক সমিতিসমূহে আৰম্ভ কৰিছে খেতি । উৎপাদিত সামগ্ৰী সুলভ মূল্যত বিক্ৰী কৰা হ’ব ছাত্ৰ সন্থাৰ এইখন বজাৰত । বজাৰখনত অংশগ্ৰহণৰ সুবিধা পাব লক ডাউনৰ ফলত চাকৰি হেৰুওৱা যুৱক-যুৱতীয়ে ।

লগতে চাওকঃচিকিৎসালয় চৌহদত আত্মহনন ৰোগীৰ

Last Updated : Jun 10, 2020, 11:04 PM IST

ABOUT THE AUTHOR

...view details