এন আৰ চি চূড়ান্ত তালিকাত বাদ পৰিল নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নীৰ নাম - এন আৰ চিত নাম বাদ পৰা পৰিয়ালে
নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম বাদ পৰিল এন আৰ চি চূড়ান্ত তালিকাত ৷ চৰিফা বেগমৰ ব্যক্তিগত নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষই ভুলকৈ অৰ্ন্তভুক্তি কৰাৰ বাবে এন আৰ চি চূড়ান্ত তালিকাত তেওঁৰ নাম বাদ পৰিল বুলি অভিযোগ উত্থাপন কৰে চৰিফা বেগমৰ পৰিয়াল
![এন আৰ চি চূড়ান্ত তালিকাত বাদ পৰিল নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নীৰ নাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4302300-thumbnail-3x2-soldier-wife-nrc.jpg)
নগাওঁ,31 আগষ্ট : 31 আগষ্ট শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ উত্থাপন হৈছে বহু অভিযোগ । বহু ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ সমান্তৰালকৈ বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এনে এক পৰিৱেশৰ মাজত এন আৰ চিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে এন আৰ চিত নাম বাদ পৰা এটা স্বদেশী পৰিয়ালে । নগাঁৱৰ এগৰাকী সেনা জোৱানৰ পত্নী তথা যোৰহাটৰ জীয়ৰী চৰিফা বেগমৰ নাম অন্তৰ্ভূক্ত হোৱা নাই চূড়ান্ত এন আৰ চিত । চৰিফা বেগম নামৰ মহিলাগৰাকীয়ে এন আৰ চি ৰ বাবে জনোৱা আবেদনত ব্যৱহাৰ কৰিছিল পিতৃৰ ১৯৫১ চনৰ এন আৰ চি । ১৯৫১ চনৰ এন আৰ চিত পিতৃৰ নাম থকা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা নাই উজনিৰ পৰিয়ালৰ মহিলাগৰাকীৰ নাম । ফলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে ৷ এন আৰ চি চৰিফা বেগমৰ ব্যক্তিগত নথি-পত্ৰ এন আৰ চি কৰ্তৃপক্ষই ভুলকৈ অন্তভুক্তি কৰাৰ বাবে এন আৰ চি চূড়ান্ত তালিকাত তেওঁৰ নাম বাদ পৰিল বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ৷