নগাঁও, 28 ডিচেম্বৰ : ‘অখিল ইজ...কিছু আনুসংগিক’এখন বিশেষ গ্ৰন্থ । গ্ৰন্থখনৰ লেখিকা এগৰাকী 78 বৰ্ষীয় বৃদ্ধা, নাম খৰ্গেশ্বৰী বৰা । অসম আন্দোলনৰ সাক্ষী নগাঁৱৰ খৰ্গেশ্বৰী বৰাই বিগত এটা বছৰে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ বন্দীত্ব জীৱনৰ ওপৰত লিখি উলিয়াইছে এই বিশেষ গ্ৰন্থখন ৷ গ্ৰন্থখনৰ জৰিয়তে অখিল গগৈক এগৰাকী বিশ্বাসী, আপোচবিহীন আন্দোলনকাৰী নেতা আখ্যা দিছে লেখিকা খৰ্গেশ্বৰী বৰাই ৷ সমান্তৰালকৈ জাতীয় স্বাৰ্থত অখিল গগৈৰ সৈতে একেলগে সংগ্ৰাম কৰিবলৈ জাতীয় সংগঠনসমূহক আহ্বান জনাইছে লেখিকাই ৷
নগাঁৱৰ ৭৮ বছৰীয়া বৃদ্ধাই লিখি উলিয়ালে অখিল গগৈৰ ওপৰত গ্ৰন্থ - অখিল ইজ...কিছু আনুসংগিক
নগাঁৱৰ 78 বৰ্ষীয় লেখিকা খৰ্গেশ্বৰী বৰাই লিখি উলিয়াইছে কৃষক নেতা অখিল গগৈৰ বন্দীত্ব জীৱনৰ ওপৰত এখন গ্ৰন্থ ৷ গ্ৰন্থখনৰ নাম দিয়া হৈছে ‘অখিল ইজ...কিছু আনুসংগিক’ ৷
সোমবাৰে নগাঁৱৰ শ্বহীদ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰা হয় ৷ এই বিশেষ গ্ৰন্থখন উন্মোচন কৰে অখিল গগৈৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে । বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত উপস্থিত থাকে লেখিকা খৰ্গেশ্বৰী বৰা, কবি বুবুল শৰ্মা, ৰাইজৰ দলৰ নেতা নজৰুল ইছলাম, ডাঃ ৰিয়াজউদ্দিন আহমেদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সম্পাদক জিতেন বৰা, জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰাকে ধৰি কেইবগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক-22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা