অসম

assam

By

Published : Jul 22, 2022, 2:11 PM IST

ETV Bharat / state

Congress Protest : নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা । কংগ্ৰেছ নেত্ৰীক ই ডিৰ চমনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী (Congress Protest against Sonia Gandhi ED summon) । নগাঁও ৰাজীৱ ভৱনত প্ৰায় দুই ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে প্ৰতিবাদী কংগ্ৰেছীসকলক ।

Congress protest
Congress protest

নগাঁও, ২২ জুলাই :ছোনিয়া গান্ধীক ইডিৰ চমনক (Sonia Gandhi Summon by ED) লৈ সমগ্ৰ দেশতে কংগ্ৰেছ নেতা-কৰ্মীসকলে বিগত দুদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে । অসমতো বিভিন্ন স্থানত কংগ্ৰেছ নেতা-কৰ্মীসকলে ছোনিয়া গান্ধী তথা ৰাহুল গান্ধীক ইডিৰ চমনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে (Congress Protest against Sonia Gandhi ED summon) । তাৰেই অংশ হিচাবে আজি নগাঁৱতো নগাঁও জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা

কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা ৰাহুল গান্ধীৰ পিছত দলটোৰ কেন্দ্ৰীয় সভানেত্ৰী ছোনীয়া গান্ধীকো ই ডিয়ে চমন জাৰি কৰাৰ পিছতেই ৰাজ্যজুৰি কংগ্ৰেছে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । শুকুৰবাৰে নগাঁৱতো জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যদিও কংগ্ৰেছৰ প্ৰতিবাদত বাধা প্ৰদান কৰে আৰক্ষীয়ে (Nagao Congress protest against ED summon of Sonia Gandhi) ।

নগাঁও ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছিল যদিও ৰাজীৱ ভৱনৰ ভিতৰতে আবদ্ধ কৰি ৰাখে প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলক (Nagao congress protest rally blocked by police) । কিন্তু প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাক লৈ ক্ষোভিত হৈ পৰে নগাঁও জিলা কংগ্ৰেছ ।

লগতে ইডিয়ে জেৰাৰ নামত কেন্দ্ৰীয় নেতাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা (Nagao congress president Suresh Bora condemn BJP)।

লগতে পঢ়ক :Cross voting in presidential election: কংগ্ৰেছৰ ৪ বিধায়কক গাড্ডাৰ আখ্যা ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details