অসম

assam

ETV Bharat / state

এইবেলি বিহুত এপাক নাচিবলৈ সাজু নাচনী নাৰ্জিমা-আৰ্মিনাহঁত - Bihu dance workshop

ঢোল, পেঁপাৰ মাত শুনি ৰ’ব পৰা নাই নাৰ্জিমা, আৰ্মিনা, চাবিৰা ৷ এইবাৰ বিহুত হেঁপাহ পলুৱাই এপাক নাচিবলৈ সাজু হৈছে তেওঁলোক ৷ পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া আৰু প্ৰাক্ প্ৰাৰ্থমিক বিদ্যালয় প্ৰাংগনত আয়োজন কৰা এক কৰ্মশালাত প্ৰতিদিনে তেওঁলোকে গ্ৰহণ কৰিছে বিহু নৃত্যৰ প্ৰশিক্ষণ (Bihu dance workshop at Puranigudam) ৷

Bihu dance workshop
এইবেলি বিহুত এপাক নাচিবলৈ সাজু নাচনী মৰ্চিকা, আৰ্জিনা, চাবিৰা

By

Published : Apr 6, 2022, 2:00 PM IST

চামগুৰি, 6 এপ্ৰিল :দুৱাৰ দলিত হেঁপাহৰ ৰঙালী (Bihu preparation in Assam) ৷ কুলি, কেতেকীৰ বিননিৰ লগতে চাৰিওদিশে এতিয়া কেৱল শুনা গৈছে ঢোলৰ গুম-গুমনি ৷ ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুৰ আখৰা । কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনো ওলাই আহিছে বিহুৰ কৰ্মশালালৈ বুলি ৷ কিয়নো প্ৰায় দুটা বছৰৰ অন্তত ৰাজ্যবাসী আকৌ সাজু হৈছে ৰঙালীত এপাক নাচিবলৈ ৷

অঞ্জনা, জানমণিহঁতৰ উপৰিও বাদ পৰি ৰোৱা নাই নাৰ্জিমা, আৰ্মিনা, চাবিৰাহঁত ৷ কিয়নো সমনীয়া অঞ্জনা, জানমণি, দীপালীহঁতৰ লগতে নাৰ্জিমা, আৰ্মিনা, চাবিৰাও এইবাৰ বিহুত এপাক নাচিবলৈ সাজু হৈছে ৷ যাৰ বাবে নাৰ্জিমা, আৰ্মিনা, চাবিৰাৰ লগতে কেইবাগৰাকীও ইছলাম ধৰ্মাৱলম্বী প্ৰশিক্ষাৰ্থীয়ে ভিৰ কৰিছেহি নগাঁও জিলাৰ ভেৰভেৰীত অনুষ্ঠিত হৈ থকা এখন বিশেষ বিহু কৰ্মশালাত (Bihu preparation at Puraniguadm) ।

এইবেলি বিহুত এপাক নাচিবলৈ সাজু নাচনী মৰ্চিকা, আৰ্জিনা, চাবিৰা

উল্লেখ্য যে, পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাঁও আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া আৰু প্ৰাক্ প্ৰাৰ্থমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ ৷ ধৰ্ম তথা সম্প্ৰীতিৰ ঐক্য সন্নিবিষ্ট হৈ থকা এই কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে আছে প্ৰবীণ শিল্পী তথা বৰ বিহুৱা ৰাজু শ‌ইকীয়া ৷

জাতি-ধৰ্ম নিৰ্বিশেষে বিগত 6 মাৰ্চৰ পৰা শতাধিক শিশু, কিশোৰ-কিশোৰীক প্ৰশিক্ষণ গ্ৰহণ কৰি থকা এই কৰ্মশালাখনকলৈ সম্প্ৰতি ব্যাপক ইতিবাচক চৰ্চা চলিছে ৰাইজৰ মাজত ।

লগতে পঢ়ক :দুহাতত জেতুকা বোলাই কলিয়াবৰত সাজু হৈছে ৰংমন-ৰাংঢালী

ABOUT THE AUTHOR

...view details