অসম

assam

ETV Bharat / state

নগাঁৱত উদ্বোধন সংগ্ৰহালয়ৰ নতুন ভৱন - মন্ত্ৰী নৱ কুমাৰ দলেই উদ্বোধন কৰিলে

বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত মন্ত্ৰী নৱ কুমাৰ দলেই উদ্বোধন কৰিলে সংগ্ৰহালয়ৰ নতুন ভৱন ৷ আপুৰুগীয়া সম্পদ সংগ্ৰহালয়ত ৰাখিব বিচাৰিলে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান ৷

নগাঁৱত উদ্বোধন সংগ্ৰহালয়ৰ নতুন ভৱন

By

Published : Sep 15, 2019, 10:45 PM IST

নগাঁও , 15 চেপ্তেম্বৰঃ অসমৰ সাংস্কৃতিক সংগ্ৰহালয়ৰ নতুন সংযোজন ঘটাই দেওবাৰে নগাঁৱত মুকলি কৰা হয় সংগ্ৰহালয়ৰ নতুন ভৱন ৷ নগাঁও সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলেই। নগাওঁ আই টি আই বজাৰৰ সমীপতে স্থাপন কৰা নতুন ভৱনটোত আছে সাজ পোছাক বিথিকা ,অসমীয়া শিল্প কলাৰ বিথিকা আৰু পাণ্ডুলিপি, মুদ্ৰা , সংগীতৰ লগত জড়িত সামগ্ৰীৰ বিথিকা। উঠি অহা প্ৰজন্মক ঐতিহাসিক সমলৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে সংযোজন ঘটোৱা নগাঁও সংগ্ৰহালয়লৈ পৰ্যটকৰ আগমন ঘটিব বুলি আশাবাদী মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে স্থানীয় বিধায়ক ৰূপক শৰ্মা। বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰা আটকধুনীয়া সংগ্ৰহালয় ভৱনে নগাঁও জিলাৰ বহুদিনীয়া সপোন বাস্তৱায়িত কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী নৱ কুমাৰ দলেই। নগাঁৱৰ কোনো ব্যক্তিয়ে সংৰক্ষণ কৰি ৰখা আপুৰুগীয়া সম্পদ সংগ্ৰহালয়ত ৰাখিব বিচাৰিলে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। সংগ্ৰহালয় ভৱন উদ্বোধনৰ পিছত সংগ্ৰহালয় সঞ্চালকে ঐতিহাসিক আৰু সাংস্কৃতিক দিশত চহকী নগাঁৱক এই সংগ্ৰহালয়ে যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে।

নগাঁৱত উদ্বোধন সংগ্ৰহালয়ৰ নতুন ভৱন

ABOUT THE AUTHOR

...view details