নগাঁও,৯ মে': অৱশেষত আৰক্ষীৰ জালত পৰিল চামগুৰি বৰমা বিলৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত অভিযুক্ত আব্দুল কাদিৰ। ২০১৮ চনৰ ২৯ ডিচেম্বৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। গৃহস্থক গাড়ীৰ পিছফালে বান্ধি চোঁচৰাই অতি নৃশংসভাৱে হত্যা কৰিছিল ছাগলী চোৰৰ দলে। ছাগলী চোৰৰ এটা দলে বৰমাবিলৰ আব্দুল হাই নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিল ছাগলী চোৰ কৰিবৰ বাবে। ছাগলী চোৰৰ দলটোৱে গৃহস্থ আব্দুল হাইক গাড়ীৰ পিছফালে বান্ধি প্ৰায় তিনি কিলোমিটাৰ চোঁচৰাই অতি নৃশংস ভাৱে হত্যা কৰিছিল। লগতে দলটোৰ আক্ৰমণত আহত হৈছিল পৰিয়ালটোৰ আন সদস্যও। ঘটনাৰ পাছতে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এনাৰুল হক নামৰ এজনক অভিযুক্তক।
নগাঁও আৰক্ষীৰ জালত ছাগলী চোৰ ৰূপী হত্যাকাৰী - ছাগলী চোৰ
বৃহস্পতিবাৰে আটক হয় ২০১৮ চনৰ ২৯ ডিচেম্বৰতে সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ মূল অভিযুক্ত
নগাঁৱৰ আৰক্ষীৰ জালত পৰিল ছাগলী চোৰ ৰূপী হত্যাকাৰী
অভিযুক্তৰ লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত বাহনখনো । কিন্তু সেই সময়ত পলায়ন কৰে বাকী কেইজন হত্যাকাৰীয়ে। বহু সময়ৰ অন্তত বুধবাৰে নিশা আটক হয় হত্যাকাণ্ডত জড়িত অন্য এজন অভিযুক্ত। বুধবাৰে নিশা পুনৰ গৰু চুৰি কৰিবলৈ আহি আটক হয় সেই নৃশংস ঘটনাৰ অন্যতম অভিযুক্ত আব্দুল কাদিৰ। ধৃত নগাঁৱৰ লাওগাঁৱৰ আব্দুল কাদিৰক গ্ৰেপ্তাৰ কৰি জেৰাৰ অন্তত প্ৰেৰণ কৰে জেল হাজোতলৈ।