অসম

assam

ETV Bharat / state

হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কন্দলী-কচুবস্তিত প্ৰতিবাদ

কন্দলীত শুকুৰবাৰে উদ্ধাৰ হয় এটা মাইক্ৰ' ফাইনেঞ্চ কোম্পানীত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য় নামৰ যুৱকজনৰ মৃতদেহ । যুৱকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ ৰাইজৰ । উচিত তদন্ত আৰু দোষীক সোনকালে কৰায়ত্ত কৰাৰ দাবীত একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কন্দলী-কচুবস্তিত প্ৰতিবাদ
হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কন্দলী-কচুবস্তিত প্ৰতিবাদ

By

Published : Feb 13, 2021, 6:31 PM IST

বঢ়মপুৰ,১৩ ফেব্ৰুৱাৰী:নগাঁৱৰ কন্দলী আৰু কচুবস্তিত এটা হত্যাকাণ্ডকলৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে । এটা মাইক্ৰ' ফাইনেঞ্চ কোম্পানীত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য় নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা পিছতে এতিয়া তীব্ৰ আন্দোলন দেখা গ'ল অঞ্চলটোত । ধনৰ লোভত কোনো দুৰ্বৃত্তই কৃষ্ণ বৈশ্য়ক হত্যা কৰাৰ অভিযোগত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোত ।

হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কন্দলী-কচুবস্তিত প্ৰতিবাদ

উল্লেখ যে কন্দলী-কচুবস্তিৰ মহিলাসকলৰ পৰা ধন সংগ্ৰহ কৰি বেংকলৈ লৈ যোৱাৰ পিছৰে পৰা দুদিনধৰি সন্ধানহীন হৈ আছিল কৃষ্ণ বৈশ্য় । কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত ডিঙিত আঘাটৰ সৈতে উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ । ইয়াৰ পিছতে দুখত ভাগি পৰা দেখা গ'ল কন্দলী অঞ্চলৰ ৰাইজক । লগতে ঘটনাৰ উচিত তদন্ত আৰু দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাই ৰাজপথ উত্তাল কৰি তোলে অঞ্চলটোৰ পুৰুষ-মহিলাসকলে । ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ যুৱকজনৰ মটৰ চাইকেলখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক:সহপাঠীৰ চুৰিৰ আঘাতত আহত ছাত্ৰ

ABOUT THE AUTHOR

...view details