ৰহা, 27 আগষ্ট:কিমান নিৰ্মম হ'ব পাৰে মানৱ জাতি ? যিয়ে মাত্ৰ 200 টকাৰ বাবে কাঢ়ি নিব পাৰে এগৰাকী লোকৰ জীৱন ৷ শুনি আচহুৱা যেন লাগিলেও এনে এক ঘটনাই সংঘটিত হয় ৰহাত ৷ ৰহাৰ দেওবালিত বুধবাৰে পাবলগীয়া ধন বিচৰাৰ বাবেই দুজন লোকে মৰিয়াই হত্যা কৰিলে এগৰাকী লোকক ৷ দেওবালিৰ প্ৰফুল্ল দাস নামৰ এগৰাকী লোকে আন দুজন লোকৰ প্ৰহাৰৰ বলি হৈ সাৱটি ল'লে মৃত্যুক ৷
200 টকাৰ বাবেই ৰহাত হত্যাকাণ্ডৰ ঘটনা - ৰহা
মাত্ৰ 200 টকাৰ বাবে ৰহাৰ দেওবালিত বুধবাৰে দুজন লোকে মৰিয়াই হত্যা কৰিলে এগৰাকী লোকক ৷ দেওবালিৰ প্ৰফুল্ল দাস নামৰ এগৰাকী লোকক নকুল দাস আৰু মলৌ দাস নামৰ দুজন 200 টকাৰ বাবে হত্য়া কৰে ৷
জানিব পৰা মতে, প্ৰফুল্ল দাসে নকুল দাস আৰু মলৌ দাস নামৰ দুজন লোকৰ পৰা 200 টকা পাবলগীয়া আছিল ৷ বুধবাৰে প্ৰফুল্লই দেওবালি জাকৰুৱা দলঙৰ ওপৰত দুয়োকে লগ পোৱাত পাবলগীয়া দুশ টকা বিচাৰে ৷ কিন্তু এইখিনিতে প্ৰফুল্ল দাসৰ ওপৰত ক্ষোভিত হৈ পৰিল নকুল দাস আৰু মলৌ দাস নামৰ লোক দুজন ৷ তাৰ পাচতেই প্ৰফুল্ল দাসক উপৰ্যুপৰি আক্ৰমণ কৰে অভিযুক্ত নকুল দাস আৰু মলৌ দাসে ৷ ফলত গুৰুতৰভাৱে আহত হোৱা প্ৰফুল্লক প্ৰথমে নগাঁও আৰু পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও, বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় লোকগৰাকীৰ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মৃত লোকগৰাকীৰ পৰিয়ালৰ লোকে ৰহা থানাত এক গোচৰ ৰুজু কৰিছে ৷ গোচৰৰ ভিত্তিত ৰহা আৰক্ষীয়ে আটক কৰিছে মলৌ দাস নামৰ লোকজনক ৷ তিনিটি সন্তানৰ পিতৃ আৰ্থিকভাৱে দুৰ্বল প্ৰফুল্ল দাসৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকে ৷