ৰহা,5 জুন:নগাঁৱৰ ফুলগুৰিৰ পশ্চিম শালমাৰাত সংঘটিত হৈছে এক অঘটন ৷ ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে ভায়েকে ৷ পাৰিবাৰিক কন্দলৰ ফলতে এই অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মদ্যপান কৰি পশ্চিম শালমাৰাৰ কেশৱ কাকতি আৰু ৰজত কাকতিৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ জানিব পৰা মতে, সম্বন্ধত কেশৱ কাকতি আৰু ৰজত কাকতি দুয়ো ভাই-ককাই ৷ এই কাজিয়াৰ পৰিণতিস্বৰূপে ককায়েকে চুৰিৰে আঘাত কৰে কেশৱ কাকতিক ৷ ককায়েকৰ প্ৰহাৰত মৃত্যু হয় কেশৱ কাকতি নামৰ যুৱকজন ৷