কলিয়াবৰ, 19 অক্টোবৰ : কলিয়াবৰৰ হাতীবন্ধাত কাহিলী পুৱাতে সংঘটিত হ'ল এক লোমহৰ্ষক হত্যাকাণ্ড ৷ শ্ৰীকান্ত দাস নামৰ এজন লোকৰ দাৰ ঘাপত মৃত্যুক সাৱটি ল'লে পত্নী দুলবী দাসে ৷ কলিয়াবৰৰ হাতীবন্ধা গাঁৱৰ শাক-পাচলিৰ খুচুৰা বেপাৰী শ্ৰীকান্ত দাসে পাৰিবাৰিক সংঘাতৰ ফলতেই এনেদৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক ৷
কলিয়াবৰত লোমহৰ্ষক হত্যাকাণ্ড : দাৰে ডিঙিত ঘপিয়াই হত্যা পত্নীক - কলিয়াবৰ লোমহৰ্ষক হত্যাকাণ্ড
কলিয়াবৰৰ হাতীবন্ধাত কাহিলী পুৱাতে সংঘটিত হ'ল লোমৰ্হষক হত্যাকাণ্ড ৷ শ্ৰীকান্ত দাস নামৰ লোজনে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নী দুলবী দাসক ৷
স্থানীয় প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ বাবে শ্ৰীকান্ত দাসে একে চোতালতে বেলেগে ঘৰ সাজি বাস কৰিছিল আৰু কাষৰে এটা ঘৰত পত্নী দুলবী আৰু পুত্ৰ বাস কৰিছিল ৷ পুৱা বজাৰৰ বাবে শাক-পাচলি যোগাৰ কৰিবলৈ যোৱাৰ সময়তে দুলবীৰ সৈতে শ্ৰীকান্তৰ বাক-বিতণ্ডা হয় ৷
বাক-বিতণ্ডা বৃদ্ধি পোৱাত পুত্ৰৰ সন্মুখতে শ্ৰীকান্তে নিজ পত্নীক ডিঙিত ঘপিয়াই হত্যা কৰে ৷ পুত্ৰই লগে-লগে চুবুৰীয়াক খবৰ দিয়াত সমবেত ৰাইজে হত্যাকাৰীক কৰায়ত্ত কৰে আৰু আৰক্ষীক চমজাই দিয়ে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷